লক্ষ্নৌঃ জনসংখ্যা হ্ৰাস কৰিবলৈ এইবাৰ অভিনৱ আঁচনি হাতত লৈছে যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে। এই নতুন আঁচনি অনুযায়ী প্ৰতিখন বিয়াতে চৰকাৰৰ তৰফৰ পৰা আশা কৰ্মীৰ জৰিয়তে বিশেষ উপহাৰ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই বিশেষ উপহাৰৰ টোপোলাত থাকিব কনড’ম। লগতে এখন শুভেচ্ছামূলক চিঠিও দিয়া হ’ব। জনসংখ্যা নিয়ন্ত্ৰণ কৰি ৰখাতো দেশৰ বাবে কিমান প্ৰয়োজনীয়া হৈ পৰিছে সেই কথা চিঠিখনত বৰ্ণনা কৰা থাকিব। দুটি সন্তানেই যে সুখী পৰিয়ালৰ আধাৰ সেয়াও স্পষ্টকৈ উল্লেখ থাকিব চৰকাৰী চিঠিখনত।

বিশ্ব জনসংখ্যা দিৱসৰ সৈতে সংগতি ৰাখি অহা ১১ জুলাইৰ পৰা যোগী চৰকাৰে এই আঁচনিখন শুভাৰম্ভ কৰিবলৈ যো-জা চলাইছে। এই আঁচনিখনৰ নাম দিয়া হৈছে 'মিছন পৰিবাৰ বিকাশ’।

'প্ৰতিটো নৱ দম্পতীক এক দায়িত্বশীল বৈবাহিক জীৱনৰ বাৰ্তা দিয়াটোৱেই আমাৰ এই আঁচনিৰ মূল উদ্দেশ্য।’-এইদৰে কয় উক্ত আঁচনিখনৰ দায়িত্বত থকা প্ৰকল্প বিষয়া অৱনীশ ছাক্সেনাই।

উল্লেখ্য যে চৰকাৰী এই বিয়াৰ উপহাৰৰ টোপোলাত থাকিব মুঠ ৮ বিধ সামগ্ৰী। কনডম আৰু চিঠিৰ লগতে আন সামগ্ৰী কেইপদ হৈছে গৰ্ভনিৰোধক টেবলেট, টাৱেল, ৰুমাল, নেইল-কাটাৰ, ফণি আৰু আইনা।