টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখং বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক মাহমৰা পথত টিংখাং বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত বহু কেইখন গাঁৱৰ বিদ্যুত পৰিবাহী তাৰ সমূহ একোটা একোটা বাহৰ খুটাৰে পাৰ কৰি নিছে। 

বহু দিন ধৰি এটা বাহৰ খুটা ধোৱাপথাৰ গাঁৱত উভালি পৰাৰ উপক্ৰম হৈছে হোৱাত বিপদসংকুলভাবে পথাচাৰীয়ে যাতায়ত কৰিব লগা হৈছে। মানুহৰ লগতে জীৱ জন্তুও বিপদত পৰাৰ সম্ভাৱনাই দেখা দিছে। 

অতি ব্যস্ত পথটোৰ বহু দিন ধৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক খবৰ দিয়াৰ পাছতো আজিলৈকে উপস্থিত হৈ খুঁটা সমুহ সলনি নকৰাত ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শীঘ্ৰে খুটা সমুহ সলনি কৰিবলৈ বিদ্যুৎ বিভাগক দাবী জনাইছে।