
অভয়াপুৰীঃ অভয়াপুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হায়াত হস্পিতাল, গুৱাহাটীৰ সহযোগত ৮ জুলাইত অভয়াপুৰীত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰৰ আয়োজন কৰিছে।
বঙাইগাওঁ জিলাৰ অভয়াপুৰীস্থ কলা পৰিষদ ভৱনত ৰাতিপুৱা ১১ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত হ’বলগীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰত কৰ্ডিঅ'লজী, ইউৰ'লজী আৰু মেডিচিন বিভাগৰ হায়াত হস্পিতালৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা সৰ্বসাধাৰণৰ ৰাইজক বিনামূলীয়াভাৱে চিকিৎসা সেৱা আগবঢ়োৱা হ’ব।
লগতে ব্লাড চুগাৰ, ইচিজি আৰু উচ্চৰক্তচাপ পৰীক্ষা সমুহ বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। উক্ত বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ সন্দৰ্ভত জানিবলৈ বিচৰাসকলক ৭০৮৬০-৪৪৮৫৪ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে অনুৰোধ জনাইছে।