
তিনিচুকীয়াঃ কাকপথাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ কাছিজান সংৰক্ষিত বনাঞ্চলৰ পৰা খৰিকটীয়াই অবাধ হাৰত গছ কাটি খৰি কাকপথাৰৰ বিভিন্ন হোটেল, বেকাৰীকে ধৰি বিভিন্ন গ্ৰাহকক খৰি বিক্ৰী কৰি আহিছে বুলি অনুসন্ধানত প্ৰকাশ পাইছে।
উল্লেখ্য যে বনবিভাগে মাজে সময়ে এই চোৰাং খৰি বিক্ৰী ৰোধ কৰিবলৈ কেতবোৰ পদক্ষেপ লৈ আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷
তদুপৰি বন বিভাগৰ এই তৎপৰতা দুদিনীয়া আৰু কেতবোৰ অজ্ঞাত কাৰণত দিনচেৰেকৰ পাছতেই পুনৰ খৰি বিক্ৰী চক্ৰ সক্ৰিয় হৈ উঠে বুলিও সাংবাদিকৰ আগত মুকলিকৈ প্ৰকাশ কৰে স্থানীয় লোকে৷
সেয়েহে এনে কাৰ্যত বিভাগৰ কোনো লোকৰ হাত থকাৰ উপৰিও স্থানীয় কোনো লোকৰ ছত্ৰছায়াত এনে কাৰ্য সংঘটিত হৈ আহিব পাৰে আৰু শীঘ্ৰে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ নল'লে অতি কম সময়ৰ ভিতৰতে বনাঞ্চলখন ধ্বংসৰ গৰাহত পৰিব বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে৷