
ঢেকীয়াজুলিঃ মহাপুৰুষ শংকৰদেৱ বিৰচিত শ্ৰীমদ্ভাগতৰ দ্বাদশ অধ্যায়ত বৰ্ণিত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সমগ্ৰ ৰস মিশ্ৰিত কাহিনীক আধুনিক নাট্যৰূপত সজাই শোণিতপুৰ জিলাৰ বিহগুৰিৰ নাট্যকাৰ গণেশ দাসে ‘মহাপ্ৰস্থান’ নামৰ নাটকৰ জৰিয়তে নাট্যপ্ৰমী ৰাইজৰ মাজত সমাদৰ বুটলিবলৈ সক্ষম হৈছে৷
এই নাটখনি ইতিমধ্যে বিভিন্ন মঞ্চত মঞ্চস্থ কৰি শ্ৰেষ্ঠ নাটকৰ বঁটা লাভ কৰাৰ লগতে সাম্প্ৰতিক সময়ৰ আধুনিক নাটকৰ ধাৰাটোক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই পৌৰানিক, তাত্বিক তথা আধ্যাত্মিক জ্ঞান সমৃদ্ধ কাহিনীৰ প্ৰাসংগিকতাক প্ৰতিপন্ন কৰাত সাৰ্থক হৈছে উদিয়মান নাট্যকাৰ, পৰিচালক গনেশ দাস৷
শেহতীয়াকৈ তেজপুৰ অঞ্চলত সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰসাৰৰ বাবে আঞ্চলিক ভিত্তিত গঠন হোৱা ‘বৰ্ণম’ নামৰ সাংস্কৃতিক অনুষ্ঠানটোৰ বেনাৰত ২-৩ জুলাইত দুটি নিশাৰ বাবে নাটখন প্ৰদৰ্শন কৰা হয়৷
বিহগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত স্থানীয় ৰাইজৰ সহযোগিতাত ‘বৰ্ণমে’ মঞ্চস্থ কৰা দুয়ো দিনৰ নাট উপভোগ কৰিবলৈ জিলাখনৰ বিভিন্ন ঠাইৰ নাট্যপ্ৰেমী দৰ্শকে প্ৰেক্ষাগৃহ ভৰি পৰে৷
প্ৰথম নিশাৰ নাটক ‘মহাপ্ৰস্থান’ আৰু দ্বিতীয় নিশাত যশস্বী নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ ‘বকুলৰ গধূলি’ মঞ্চস্থ কৰা হয়৷ ভ্ৰাম্যমানৰ বিশিষ্ট অভিনেতা কৃষ্ণমনি নাথে ‘বকুলৰ গধূলি’ নাট খনি পৰিচালনা কৰে৷
প্ৰথম নিশাৰ নাট প্ৰদৰ্শনৰ আগে আগে বিহগুৰি অঞ্চলৰ পৰা গৈ অসমৰ অভিনয় জগতত অভিলেখ সৃষ্টি কৰা তিনিগৰাকীকৈ বিশিষ্ট শিল্পী ক্ৰমে ধৰ্মেন্দ্ৰ নাথ, কৃষ্ণমনি নাথ আৰু ননী দেৱীক বৰ্ণমৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱাৰ লগতে স্থানীয় কেইবাগৰাকীও জ্যেষ্ঠ সাংস্কৃতিক কৰ্মীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷
বিহগুৰিৰ জনপ্ৰিয় কণ্ঠশিল্পী ভাস্কৰ মৌনসে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোত শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক তথা বৰ্ণমৰ পৃষ্ঠপোষক বিপুল কুমাৰ নাথো উপস্থিত থাকে৷ নাট দুখন মঞ্চস্থ কৰাৰ ক্ষেত্ৰত উপেন নাথ (জিতু) সামগ্ৰিক ব্যৱস্থাপনা আৰু স্থানীয় অভিনেতা, অভিনেত্ৰী, সংগীত শিল্পী তথা কলা কুশলী সকলে সহায়-সহযোগ কৰে৷