
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ দুধৰ্ষ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ কামাণ্ডাৰ বুৰহান ৱানীক লৈ সতৰ্ক হৈ পৰিছে কেন্দ্ৰ চৰকাৰ তথা জম্মু-কাশ্মীৰী প্ৰশাসন।
বিগত বৰ্ষৰ ৮ জুলাইত সেনাৰে সংঘৰ্ষত প্ৰাণ হেৰুওৱা সন্ত্ৰাসবাদৰ পোষ্টাৰ বয় বুৰহানক লৈ এক গ্লেমাৰাচ অভিযানক বাধা দিয়াৰ বাবে তৎপৰ হৈ উঠিছে কেন্দ্ৰ চৰকাৰ।
শেহতীয়াকৈ গ্ৰেট বৃটেইনত বুৰহান ৱানীৰ মৃত্যু বাৰ্ষিকীৰ দিনা সমদল উলিওৱাৰ বাবে অনুমতি দিয়াৰ পিছত ভাৰতৰ তীব্ৰ অসন্তুষ্টিত সেই অনুমতি উঠাই লৈছিল বৃটেইনে।
কাশ্মীৰতো যাতে তেনে কোনো ধৰণৰ সন্ত্ৰাসবাদীৰ সমৰ্থনত সমদল উলিয়াই পৰিৱেশ বিনষ্ট নহয়, তাৰ প্ৰতি কঢ়া নজৰ ৰাখিছে কেন্দ্ৰই।
স্থানীয় প্ৰশাসনে ইতিমধ্যে বিচ্ছিন্নতাবাদী নেতা মিৰেইজ ফাৰুককে ধৰি ভালেকেইজন প্ৰমুখ নেতাক গ্ৰেপ্তাৰ কৰিছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৰাজ্যখনত।