
তেজপুৰ/কাজিৰঙাঃ বিশ্বৰ ঐতিহ্যক্ষেত্ৰ বৰ্তমান পানীৰ তলত। দেশী-বিদেশী পৰ্যটকে ভিৰ কৰা ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া জীৱ-জন্তুৰ আৰ্তনাদ।
প্ৰলয়ংকাৰী বানত ৰাজ্যৰ আঠখনতকৈও অধিক জিলা বানৰ কবলত পৰাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনতো পানীয়ে হাঁহ নচৰা অৱস্থা কৰিছে জীৱকূলৰ। যেনি-তেনি লৰা-ঢপৰা কৰি ফুৰা বন্যপ্ৰাণীয়ে এফালে পানীত ককবকাই আৰু আনফালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাবলগা হৈছে।
ইতিমধ্যে ৩ টাকৈ হৰিণে বাহনৰ খুন্দাত প্ৰাণ হেৰুওৱাৰ সময়তে লুইতৰ বুকুত উটি অহা এটা আঘাতপ্ৰাপ্ত সুগৰী পহু উদ্ধাৰ হৈছে তেজপুৰত।
তেজপুৰ জাহাজঘাটৰ জল পৰিবহন বিভাগৰ চৌহদত আশ্ৰয় লোৱা পহুটোক বিভাগৰ লোকে ৰাইজৰ সহযোগত উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। উল্লেখ্য যে এতিয়াও উদ্যানখনৰ ৮৩ টা বনশিবিৰ জলমগ্ন হৈ আছে।
কাজিৰঙা বনাঞ্চলৰ আটাইতকৈ ওখ স্থান অগৰাতলি বনাঞ্চলৰ প্ৰায় আধা অংশ পানীৰ তলত বুৰ যোৱাত বন্যপ্ৰাণীৰ বাবে থাকিবলৈ ঠাইৰ অভাৱ হোৱা দেখা গৈছে।