ডিজিটেল ডেস্কঃ অহা ১২ জুলাইত সমগ্ৰ দেশতে বন্ধ থাকিব পেট্ৰল পাম্পসমূহ৷ অল ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰছ এছ’চিয়েছনে এই কথা ঘোষণা কৰিছে৷ 

কেন্দ্ৰীয় চৰকাৰে ১৬ জুনৰ পৰা প্ৰত্যেক দিনাই পেট্ৰলৰ মূল্য সলনি কৰাৰ বাবেই এই ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে৷ সংগঠনটোৰ ভাষ্য অনুসৰি চৰকাৰৰ এই সিদ্ধান্তই আৰ্থিকভাৱে ক্ষতি কৰিছে পেট্ৰল  পাম্পসমূহক৷ 

সেইবাবে ১২ জুলাইত পেট্ৰ’ল কিনা আৰু বেচা এই দুই কাৰ্যৰ পৰা বিৰত থাকিব ডিপোতসমুহ৷ এই ধৰ্মঘটৰ ফলত যে পুনৰ এবাৰ সমস্যা সন্মুখীন হ’ব গ্ৰাহকসকল সেই কথা নুই কৰিব নোৱাৰি৷ 

বিগত ১৬ জুনৰ পৰা সঘনাই দেশৰ বিভিন্ন প্ৰান্তত পেট্ৰল পাম্পসমূহ বিভিন্ন অজুহাতত বন্ধ হৈ থকা পৰিলক্ষিত হৈছে৷