
ডিজিটেল ডেস্কঃ ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ চীন দেশৰ মাজত অব্যাহত আছে কূটনৈতিক যুঁজ। দৰাচলতে ড’কালমত চীনা সৈন্যৰ পথ নিৰ্মাণকাৰী দল এটাই ৰাস্তা নিৰ্মাণৰ কাম কৰিবলৈ আহোতে ভাৰতীয় সেনাই বাধা দিয়াৰ পিছৰে পৰা এই বিতৰ্কৰ সূচনা হয়।
দুয়োখন দেশৰ মাজত কথাৰ কটাকটি চলি থকাৰ সময়তে ভাৰতত থকা চীনা নাগৰিকলৈ সতৰ্কতাবাণী প্ৰেৰণ কৰিছে। অপ্ৰয়োজনত ঘূৰা-ফুৰা নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে দিল্লীস্থিত চীনা দূতাবাসৰপৰা। নিজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ভিতৰতত অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে নিৰ্দেশনাপত্ৰখনত।
অৱশ্যে এনেদৰে হঠাতে পৰামৰ্শৱলী জাৰি কৰাৰ বিষয়ত কোনোধৰণৰ স্পষ্টীকৰণ নিদিলেও এটা কথা ওলাই পৰিছে যে সীমান্তক লৈ দুয়োখন দেশৰ মাজত চলি থকা বিবাদৰ পৰিপ্ৰেক্ষিততে দেশখনত চীনা নাগৰিকক লৈ অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি নহওক বুলিয়ে এনেদৰে সাৱধানতা অৱলম্বন কৰিছে দূতাবাসে।