যোৰহাটঃ "ৰাজ্যৰ সকলো দুৰ্নীতিগ্ৰস্ত লোক যোৰহাটলৈ আহক৷ যোৰহাটলৈ আহিলে দুৰ্নীতিগ্ৰস্তসকল হয় ভাল হ'ব, নহয় জেললৈ যাব৷" ৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত আমোলা-বিষয়া-কৰ্মচাৰীসকলক এই আহ্বান জনাইছে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

শনিবাৰে যোৰহাটত এই মন্তব্য আগবঢ়াই তাছাই সাংবাদকিৰ আগত কয় যে দুৰ্নীতিৰ প্ৰতি চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে। গতিকে দুৰ্নীতি কৰি সাৰি যোৱাতো কোনো দুৰ্নীতিপৰায়ণৰ পক্ষে সম্ভৱ নহ'ব।

যোৰহাটৰ আনটাইদ ফাণ্ড কেলেংকাৰীক লৈ ৰাজ্যব্যাপি ব্যাপক চৰ্চা চলি থকাৰ সময়তে সকলো দুৰ্নীতিগ্ৰস্তক যোৰহাটলৈ আহিবলৈ সাংসদ কামাখ্যা তাছাই আহ্বান জনোৱা কাৰ্য্যই তাৎপৰ্য্যবহন কৰিছে৷

উল্লেখ্য যে, যোৰহাটৰ আনটাইড ফাণ্ড কেলেংকাৰীত অভিযুক্ত বিশাল ছোলাংকীক ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰে গোচৰ চিআইডি লৈ হস্তান্তৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে কেইবাটাও সংগঠনে৷ এতিয়া তাছাৰ এনে মন্তব্যক লৈ সংগঠনকেইটাই কি প্ৰতিক্ৰিয়া আগবঢ়াই সেয়া লক্ষণীয় হ'ব।