গোৰেশ্বৰঃ অসমৰ যদি এশ শতাংশ মুছলমান শিক্ষিত হৈ যায় তেন্তে কোনেও আৰু আমাক লৈ বিভাজনৰ ৰাজনীতি কৰিব নোৱাৰিব। কিন্তু আমাৰ বিড়ম্বনা এয়াই যে আমাৰ অজ্ঞানতাৰ সুযোগ লৈ একাংশ ৰাজনৈতিক নেতাই হিন্দু-মুছলমানক লৈ বিভাজনৰ ৰাজনীতি কৰি আমাক বিপথে পৰিচালিত কৰিছে। এই মন্তব্য সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ।

তেওঁ আৰু কয় সকলোৱে উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগে তেহে আমাৰ মাজত কোনো বিশৃংখলতা নাথাকিব। শিক্ষা-দিক্ষাৰে আগুৱাই গৈ আজিৰ সমাজ খনক সুষ্ঠিৰ কৰিব পৰা যাব বুলি সভাপতিজনে ভাষণ ৰাখে । তেওঁ ঘোষণা কৰে এবিএমছুয়ে কম দিনৰ ভিতৰত বিটিএডিৰ দহটা মহকুমাত ছাত্ৰ - ছাত্ৰীৰ বাবে কম্পিউটাৰৰ শিক্ষাৰ ব্যৱস্থা কৰিব।

আজি বাগসা জিলাৰ কাউৰবাহাত এবিএমছু তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত বিশেষ সম্বৰ্ধনা সভাৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষণ দি সভাপতি গৰাকীয়ে এনেদৰে মন্তব্য কৰে। তামুলপুৰ জিলা এবিএমছুৰ সভাপতি আফজাল আলীৰ সভাপতিত্বত আজি কাউৰবাহা ইন্দিৰা প্ৰেক্ষাগৃহত আয়োজিত সভা উদ্বোধন কৰে এবিএমছুৰ সহঃ সম্পাদক নজৰুল ইছলামে। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি কাউৰবাহা ফখৰুদ্দিন মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ছাহজাহান ছিদ্দিকীয়ে কয় যে বৰ্তমানৰ শিক্ষাব্যৱস্থা খুৱেই দুখ লগা।

আজিৰ নবম শ্ৰেণী বহু ছাত্ৰই নিজৰ নামটোকে ভালকৈ লিখিব নোৱাৰে। আৰু আমাৰ বিড়ম্বনা এয়াই যে তলৰ শ্ৰেণীৰ পৰা তেনেকৈ পাছ কৰি অহা ছাত্ৰ -ছাত্ৰীক ফেইল কৰাই দিবও নোৱাৰো। তেওঁ আৰু কয় যে বিটিএডিৰ শিক্ষা ব্যৱস্থা ইমানে বেয়া যে মাথো ত্ৰিশ শতাংশ লোকহে ইয়াত সাক্ষৰ। তেওঁ শিক্ষা, চিন্তা আৰু মানসিকতাৰ সংস্কাৰ সাধনাৰে নতুন সমাজ গঢ়িবলৈ সকলোকে আহ্বান জনাই। সভাত কেৰিয়াৰ বিশেষজ্ঞ অৰূপ ডেকাই ছাত্ৰ -ছাত্ৰীৰ বাবে কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা কৰে।

সভাত এবিএমছুৰ সাধাৰণ সম্পাদক শ্বাহকামাল খন্দকাৰ, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ডঃ মানবেন্দ্ৰ গগৈ, গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়ো, বাৰ্তা পখিলী আলোচনীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই সাৰুৱা ভাষণ দিয়ে। সভাত দ্বাৰকুছি অঞ্চলৰ পৰা বিশেষ সাফল্য লাভ কৰা বশিষ্ঠ অন্ধ বিদ্যালয়ৰ পৰা চাৰিটা বিষয়ত ষ্টাৰ নম্বৰ সহ উৰ্ত্তীণ উচ্চ মাধ্যমিকত কৃতিত্ব অর্জন কৰা বিশেষ ভাৱে সক্ষম ছাত্ৰ ৰিতুৰাজ দাসলৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশেষ সম্বৰ্ধনা সভাত তামুলপুৰ মহকুমাৰ মুঠ ১৩০ জন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা,  মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায়।