
উত্তৰ শালমাৰাঃ ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে কৰিম বুলি ভাবিলেই সকলো সম্ভৱ হয়। গতিকে অপেক্ষা কালৈ? দীৰ্ঘদিনীয়া চৰকাৰী বঞ্চনাত আশাহত অভয়াপুৰীৰ কেৰখাবাৰীবাসীয়ে হাতে কামে লাগি আজি তাকেই পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে।
ৰজাঘৰীয়ালৈ হাত পাতি নাথাকি নিজেই বাঁহৰ দলং সাজি নিজৰ ব্যৱস্থা কৰি ল'লে। গাঁওখনৰ প্ৰতিটো ঘৰৰ পৰা ধন সংগ্ৰহ কৰি কেৰখাবাৰী-খোৰাগাঁও সংযোগী পথত সোমবাৰে গাঁৱৰ ৰাইজে শ্ৰমদানেৰে দৈনন্দিন যাতায়াতৰ বাবে প্ৰয়োজনীয় দলংখন বাঁহ, বেঁত ব্যৱহাৰ কৰি সাজিয়ে আনৰ বাবেও নিদৰ্শন দাঙি ধৰিলে।
ৰজাঘৰীয়াৰ তথাকথিত উন্নয়নৰ শ্ল'গানকো ৰাইজে বুঢ়া আঙুলি দেখুৱালে। উল্লেখ্য যে ২০১৪ চনতে পথছোৱাৰ মেৰামতিৰ বাবে বঙাইগাঁও জিলা পৰিষদে কেবাটাও হিউম পাইপ আনি থৈছে যদিও আজিকোপতি উম পাইপসমূহ সংস্থাপিত নহ'ল৷
ফলত পথটোৰে অহা-যোৱা কৰা পথচাৰীসকলে জীয়াতু ভুগিবলৈ বাধ্য হৈ পৰিছে৷ আনহাতে বাৰিষা অহাৰ লগে লগে ছিঙা অংশত এককাঁল পানী হোৱাৰ বাবে মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে পথটোৰে অহা-যোৱা কৰাতো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে।