ডিমাকুছিঃ সন্দেহেই কাল হ'ল ডিমাকুছিৰ এটি পৰিয়ালৰ৷ সুখে-শান্তিৰে চলি থকা পৰিয়ালটোত যেন কোনো লোকৰ নজৰহে লাগিল৷

প্ৰাপ্ত বাতৰি মতে, দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ওদালগুৰি জিলাৰ ডিমাকুছিৰ ধনীৰাম গোড় নামৰ লোকজনে পত্নীক পৰপুৰুষৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰি প্ৰায়ে তৰ্কা-তৰ্কি কৰি আহিছিল৷

পত্নীয়ে গোড়ক কোনো লোকৰ সৈতে সম্পৰ্ক নাই বুলি বুজনি দিয়ে যদিও সৈমান নহ'ল গোড়৷ আজি পুৱা পুনৰাই তেনে কথাক লৈ ধনীৰাম গোড়ে পত্নী চম্পাৱতী গোড়ৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হয়৷

তৰ্কা-তৰ্কি লাগিয়ে শান্ত নাথাকি খঙতে ধনীৰামে পত্নী চম্পাৱতী দাৰে ঘপিয়াই৷ ফলত চম্পাৱতীৰ থিতাতে মৃত্য ঘটে৷ পৰপুৰুষৰে সম্পৰ্ক থকাৰ সন্দেহত দাৰে ঘপিয়াই হত্যা কৰি ধনীৰাম উপস্থিত হয় ডিমাকুছি আৰক্ষী থানাত৷

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী ধনীৰাম গোঁড়ৰ বিৰুদ্ধে ৬০/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।