বাঘবৰঃ ৰাজ্যত বানপানীৰ কবলত পৰি ভিন্ন ঠাইৰ পৰা মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ সময়তে বাঘবৰত বেঁকী লৈয়ে কাঢ়িলে এটি শিশুৰ প্ৰাণ।

জনীয়াৰ বালিকুৰি ননকে গাঁৱত পানীত পৰি ৭ মহীয়া শিশুটি মৃত্যুমুখত পৰে। দেৱান নুৰ ইনজামুল হাচান নামৰ এই শিশুটি নিশা ঘৰৰ চোতাললৈকে অহা বেঁকী নৈ বাঢ়নী পানীত পৰি মৃত্যুক সাবতি লয়।