কোকৰাঝাৰঃ বিভিন্ন সময়ত বিভিন্ন চৰকাৰী বিভাগত ওপৰৱালা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে মহিলা সহকৰ্মীৰ ওপৰত শাৰীৰিক,মানসিক আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি কোকৰাঝাৰ চহৰৰ চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ৰ বেৰেকত ছুবেদাৰ গৱৰ্ধন ৰায়ৰ বিৰুদ্ধে মহিলাৰ বেৰেকত অনাধিকাৰ প্ৰৱেশ কৰি মহিলা হাবিলদাৰৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা হাবিলদাৰ পাৰ্বতী বসুমতাৰীয়ে  ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে ৷

এজাহাৰত উল্লেখ কৰা মতে মহিলাৰ বেৰেকত প্ৰৱেশ কৰা ছুবেদাৰ মেজৰ ৰায়ে কোনো ধৰনৰ সোধপোছ নকৰি ৰন্ধন গেছৰ পাচটাকৈ চিলিন্ডাৰ বলপূৰ্বক উঠাই লব বিচৰাত মহিলা হাবিলদাৰ গৰাকীয়ে বাধা প্ৰদান কৰে ৷

তাতেই অগ্নিশৰ্মা হৈ ৰায় উপাধিধাৰী ছুবেদাৰ মেজৰ গৰাকীয়ে  অসুখীয়া মহিলা হাবিলদাৰ গৰাকীক চৰ,ঘোচা সোধায় ৷ আনকি ছুবেদাৰ মেজৰ গৰাকীয়ে নিজৰ পদমৰ্যাদা পাহৰি বহু আপত্তিজনক বাক্য প্ৰয়োগ কৰি ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা বাচন বৰ্তনো তচনচ কৰে  বুলিও এজাহাৰত উল্লেখ কৰিছে ৷