নগাওঃ নগাও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰীত উত্তৰ-পূৱ নগাও হজ সম্বৰ্ধনা সমিতিৰ উদ্যোগত অহা ১৪ জুলাইৰ পৰা তিনিদিনীযা কাৰ্য্যসূচীৰে হজ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হব ৷

১৪ জুলাইৰ পুৱা ৮ বজাত উত্তৰ-পূৱ নগাও হজ সম্বৰ্ধনা সমিতিৰ সভাপতি মৌলানা মহম্মদ চামছুল ইছলামে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভৰাম্ভ কৰিব৷

পূৱা ৮-৩০ বজাত হজ প্ৰশিক্ষণ শিবিৰ মুকলি কৰিব উত্তৰ-পূৱ নগাও হজ সম্বৰ্ধনা সমিতিৰ উপ-সভাপতি মৌলানা মহম্মদ ৰুহুল আমিনে ৷

নগাও জিলাৰ ভিন্ন প্ৰান্তৰ পৰা ২০১৭ বৰ্ষত পৱিত্ৰ হজলৈ যাব লগা হজ যাত্ৰীসকলক প্ৰশিক্ষক ক্ৰমে অলহাজ হজৰত মৌলানা আব্দুল হাকিম, আলহাজ হজৰত মৌলানা মহম্মদ আব্দুল মতিন কাছিমী, আলহাজ হজৰত মৌলানা ইউনুছ আলী, আলহাজ হজৰত মৌলনা আশ্বিকুৰ ৰহমান, আলহাজ মহম্মদ আব্দুল জব্বাৰ, আলহাজ হজৰত মৌলানা মহম্মদ আব্দুল ছামাদ, আলহাজ হজৰত মৌলানা মহম্মদ কামাল উদ্দিনে প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব।

উক্ত তিনিদিনীযা প্ৰশিক্ষণ শিবিৰত নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ হজ যাত্ৰীসকলক উপস্থিত থাকিবলৈ উত্তৰ-পূৱ নগাও হজ সম্বৰ্ধনা সমিতিযে আহ্বান জনাইছে।
আহ্বান জনাইছে৷