
ডিজিটেল ডেস্কঃ প্ৰাচীন চহৰ সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰি প্ৰতিশোধ লৈছে সেনাই। ইৰাকৰ মছুল চহৰত বৰ্তমান চৰকাৰী সৈন্যবাহিনীয়ে আৰম্ভ কৰিছে আইছিছ নিৰ্মূল পৰ্ব।
সন্ত্ৰাসবাদীক কচুকটা দি সম্প্ৰতি সেনাই চহৰখন দখলমুক্ত কৰিছে। সমান্তৰালকৈ নগুৰ-নাকটি কৰি প্ৰতিশোধ লৈছে নিষ্ঠুৰ মৌলবাদীৰ অত্যাচাৰৰ।
কিছুদিন পূৰ্বে মছুল দখলমুক্ত কৰা সেনাই বিভিন্ন প্ৰাচীন সৌধ আৰু মছজিদত প্ৰৱেশ কৰিছে। এই স্থান সমূহৰ অভ্যন্তৰৰ পৰা সৈন্যই বাহিৰ কৰিছে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক।
বিগত কিছুদিনত শতাধিক জেহাদীক বন্দী কৰা হৈছে। বৰ্তমানো অব্যাহত আছে অভিযান। লুকাই থকা সন্ত্ৰাসবাদীক বন্দী কৰি সেনাই ৰাজহুৱাকৈ শাস্তি বিহিছে।
ৰাজহুৱাকৈ বেত্ৰাঘাত কৰি জেহাদীক সকলোৰে সমুখত সন্মুখত উলংগ কৰা হৈছে। তদুপৰি সন্ত্ৰাসবাদীৰ মুণ্ডন কৰিছে সৈন্যই।
চুলি খুৰোৱা জেহাদীক লপাথপা দিছে জনতাই। দীৰ্ঘদিনে সাধাৰণ নাগৰিকক অত্যাচাৰ কৰা মৌলবাদীয়ে ভোগ কৰিছে উচিত শাস্তি। এতিয়া মছুলত পাপৰ প্ৰায়চিত্ত হৈছে আইছিছৰ কেডাৰৰ।