
গৰৈমাৰীঃ চোৰৰ টাৰ্গেট কেৱল মোবাইল৷ কোটি কোটি টকা পৰি থাকিলেও তাত হাত নিদিয়ে চোৰে৷ ৰাজ্যত বানাক্ৰান্তই হাহাকাৰ কৰি থকাৰ সময়তে দক্ষিণ কামৰূপৰ গৰৈমাৰীত মোবাইল চোৰে নিদ্ৰা হৰণ কৰিছে ব্যৱসায়ীৰ৷
গৰৈমাৰী সাপ্তাহিক বজাৰত অতি কমসময়ৰ ভিতৰত চোৰে কেৱল মোবাইল দোকনকে টাৰ্গেট কৰি লোৱাত ৰাইজে ক'বলৈ বাধ্য হৈছে যে চোৰ কেইজনক কেৱল মোবাইলহে লাগে, কোটি টকা পালেও নিনিব চাগে৷
বাপু ইলেকট্ৰনিকছ আৰু আফছানা মোবাইল পইণ্টত চোৰে টিনপাত খহাই চিলিং ভাঙি ভিতৰত সোমাই দামী মোবাইল হেণ্ড ছেট লৈ উধাও হয়। লক্ষণীয়ভাৱে বিগত তিনি মাহৰ ভিতৰত বাহাৰুল ইছলামৰ বাপু ইলেকট্ৰনিকছত একে কায়দাৰে প্ৰায় ১২ লক্ষাধিক টকাৰ দামী মোবাইল হেণ্ড ছেট চুৰি কৰিছে।
তিনি মাহৰ ভিতৰতে জিয়াৰুল হক আৰু আলীৰ মোবাইল দোকানৰ পৰা বৃহৎ সংখ্যক মূল্যৱান হেণ্ডছেট চোৰে লুটি নিয়ে। এনেদৰে এতিয়া মোবাইল চোৰৰ টাৰ্গেট হৈ পৰিছে গৰৈমাৰী সাপ্তাহিক বজাৰ।
তিনি মাহৰ ভিতৰত চাৰিখনকৈ মোবাইল দোকানত সংঘটিত হৈছে চুৰিকাণ্ড। গৰৈমাৰী বজাৰৰ সমীপতে আছে গৰৈমাৰী আৰক্ষী চকী। আৰক্ষীৰ চকুত ধূলি দি চোৰে সংঘটিত কৰি গৈছে চুৰি কাণ্ড। গৰৈমাৰী বজাৰত নিশা আৰক্ষীয়ে পহৰা নিদিয়াৰ বাবেই চুৰি কাণ্ড সংঘটিত কৰিব পাৰিছে বুলি অভিযোগ উত্থাপিত হৈছে৷