মঙলদৈঃ কাঠৰ দলং ৰাইজৰ বাবে বেয়া৷ কিয়নো বছৰে বছৰে ভাঙি-ছিঙি গৈ যাতাযাতত সমস্যাৰ সৃষ্টি হয়৷ কিন্তু ঠিকাদাৰ-অভিযন্তাৰ বাবে কাঠৰ দলং কিমান প্ৰয়োজনীয় সেয়া ৰচনা লিখিও শেষ কৰিব নোৱাৰি।

কিয়নো বছৰে বছৰে মেৰামতিৰ নামত চৰকাৰ পৰা আৱন্টিত ধন অনায়াসে জেপত ভৰোৱাৰ সুযোগ এই দলঙে যেনেকৈ দিয়ে সেয়া অইন ক্ষেত্ৰত সতকাই পোৱাতো কঠিন। কংক্ৰীটৰ দলং সাজি বছৰে বছৰে টকা ঘটাৰ পথটো বন্ধ কৰাতকৈ কাঠৰ দলং থকাই ভাল বুলি গণ্য কৰে অধিকাংশ ঠিকাদাৰে৷

দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ দুনী পঞ্চায়তৰ টেঙেৰা গাঁৱতো আছে এখন জৰাজীৰ্ণ কাঠৰ দলং। দলংখনৰ কাহিনী ঠিক উল্লেখিত কাহিনীৰ দৰেই৷ বিধায়ক বিনন্দ শইকীয়াৰ গৃহ সমষ্টিৰ এই দলংখন।

দিমিলা নৈৰ ওপৰত থকা এইখন দলঙেৰে মৰণত শৰণ দি আহ-যাহ কৰে প্ৰায় চৈধ্যখনকৈ গাঁৱৰ লোকে। ২০১১-১২ চনতে ১৬.৬৫ লাখ টকাৰে কংগ্ৰেছৰ শাসন কালতে দলংখন মেৰামতি কৰিছিল যদিও বিধায়কগৰাকীৰ অমনোযোগিতাৰ বাবেই ঠিকাদাৰৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে দলংখন।

প্ৰায় চাৰি পাঁচ বছৰৰ মূৰে মূৰে দলংখন মেৰামতি কৰি থাকিব লগাত পৰে৷ যাৰ বাবে অঞ্চলবাসীয়ে দলংখনৰ নাম দিছে সোণৰ কণী পৰা হাঁহ৷ ফেনে ফোটোকাৰে পানী বাঢ়ি অহাৰ বাবে গৰাখহনীয়াৰ কবলত পৰাৰ আশংকাত দিন পাৰ কৰিছে গাঁও কেইখনৰ লোকে। দলংখন পকী নকৰাৰ বাবে দল বাগৰা তথা পৰিৱৰ্তনৰ নামত পোছাক সলনি কৰা বিনন্দ শইকীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।