
বোকাজানঃ নিৰ্বাচনৰ পূৰ্বৰে পৰাই ৰাজনৈতিক দলসমূহক জিলাখনৰ অ-জনজাতীয় লোকক কাৰ্বি পৰিষদীয় নিৰ্বাচনত টিকট প্ৰদান নকৰিবলৈ দাবী জনাই পাহাৰীয়া জিলাখনৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ দ্বাদশ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন পাৰ হৈ যোৱাৰ লগতে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পৰিষদৰ অধ্যক্ষ আৰু মুখ্য কাৰ্য্যবাহী ঠিক কৰিলে যদিও কাৰ্য্যবাহী সদস্য কাক দিয়া হব সেয়া এতিয়ালৈ থিৰাং কৰা নাই৷
ইয়াৰ মাজতে অ-জনজাতি লোকক কাৰ্য্যবাহী সদস্যৰ দায়িত্ব দিব বুলি বুঃ বাঃ ওলোৱাৰ পাছতে কাৰ্বি য়ুথ অৰ্গেনাইজেছন নামেৰে জিলাখনৰ ছাত্ৰ সংগঠন এটাই ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধৰ আহ্বান জনাইছে৷ বিজেপিৰ দখলত থকা কাৰ্বি স্বায়ত্ব পৰিষদত গেৰুৱা দলটোৰ অ-জনজাতীয় নৱ-নিৰ্বাচিত কোনো এজন প্ৰতিনিধিকে কাৰ্যবাহী পদৰ দ্বায়িত্ব প্ৰদান নকৰিবলৈ দাবী জনাই ছাত্ৰ সংগঠনটোৱে ১৫ জুলাই অৰ্থাৎ শনিবাৰৰ পুৱা পাচঁ বজাৰ পৰা ১৬ জুলাই বিয়লি পাঁচ বজালৈ ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধৰ ঘোষণা কৰে৷
বিজেপিয়ে যদি দাবী পূৰণ নকৰে তেন্তে অনাগত দিনত সংগঠনটোৱে এই দাবীৰ সমৰ্থনত আৰু অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি এক বিবৃতি যোগে সকীয়াই দিয়ে৷ সংগঠনটোৰ সভাপতি জেকিচন টেৰাং আৰু সাধাৰণ সম্পাদক চি-ইম টেৰণে কোনো এটা ৰাজনৈতিক দলে গুৰুত্ব প্ৰদান নকৰি বিজেপি, কংগ্ৰেছ, অগপকে ধৰি বহুকেইটা ৰাজনৈতিক দলে নিজ নিজ দলৰ পৰা কেইবাজনো অ-জনজাতীয় লোকক টিকট প্ৰদান কৰা বুলি ক্ষোভ ব্যক্ত কৰে৷
গেৰুৱা দল বিজেপিয়ে ২৪ খনকৈ আসন দখলেৰে পৰিষদ দখল কৰিলে৷ বিজেপিৰ এই ২৪ গৰাকী নিৰ্বাচিত সদস্যৰ ভিতৰত কেইবাগৰাকীও অ-জনজাতীয় প্ৰতিনিধি আছে ৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ চৈধ্যদিনৰ অন্তত ৰাজ্যিক বিজেপিৰ মন্ত্ৰণাত কাৰ্বি পৰিষদৰ বহু প্ৰত্যাশিত মুখ্য কাৰ্যবাহীৰ নাম ঘোষণা কৰা হ'ল যদিও আজিৰ তাৰিখলৈ পৰিষদৰ বিভিন্ন বিভাগসমূহৰ কাৰ্যবাহী সদস্যৰ নাম ঘোষণা কৰা নাই ৷