গোৰেশ্বৰঃ এফালে বানৰ প্ৰকোপ, আনফালে বিদ্যুৎ বিভাগৰ মৃত্যুৰ জাল। পানীত পৰি থকা বৈদ্যুতিক তাঁৰত লাগি বিগত সময়ত কেবাজনো ব্যক্তিয়ে প্ৰাণ হেৰুৱালে যদিও এতিয়াও যেন চকু মেল খোৱা নাই শক্তি মন্ত্ৰী পল্লৱলোচন দাসৰ।

বাগসা আৰু দৰং জিলাৰ সীমাৱৰ্তী দৰং জিলাৰ আন্ধেৰীঘাটৰ মাহতলী গাঁৱত আজিও বৈদ্যুতিক তাঁৰ হাতেৰে চুব পৰা উচ্চতাত থকা কথাটোৱে তাকে প্ৰমাণ কৰিছে।  ছিপাঝাৰ বিদ্যুত উপ সংমণ্ডলৰ অন্তৰ্গত গাঁৱখনত এনেদৰে বিপদসংকুলভাৱে ওলমি থকা বিদ্যুত তাঁৰে যিকোনো সময়তে মানুহৰ অঘটন ঘটাব পাৰে যদিও কোনো কাণসাৰ নাই বিভাগটোৰ।

স্থানীয় ৰাইজে কেবাবাৰো এই বিষয়ে ছিপাঝাৰ উপসংমণ্ডলত অভিযোগ প্ৰদান কৰিছে যদিও তেওঁলোকে মাথো গাওঁখনত বিদ্যুৎ কৰ্তন কৰাৰহে কথাহে কয়। তাঁৰবোৰ যে নিৰাপদ দূৰত্বত স্থাপন কৰিব লাগে  তালৈ কোনো ভ্ৰূক্ষেপ নাই বিভাগীয় কৰ্মচাৰীসকলৰ।

বিদ্যুৎ বিভাগৰ এনে গাফিলতিৰ বাবে যোৱা ১৪ জুলাইত গাঁৱৰ ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদী ৰাইজে শক্তি মন্ত্ৰী পল্লৱলোচন দাসৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে প্লে কাৰ্ড, ফেষ্টুন আদিও প্ৰদৰ্শন কৰে।

পৰিৱৰ্তনৰ নাম লৈ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ অভাৱ-অভিযোগ শুনি তাক সমাধান কৰিব বুলি ভবা হৈছিল যদিও পুনৰ ৰাইজৰ কণ্ঠ নুশুনা প্ৰৱণতা এটাই গা কৰি উঠা দেখা গৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বাবে ৰাইজে নিজেই  "বিদ্যুৎৰূপী যমদূত ওলমি আছে" বুলি পোষ্টাৰ লগাই পথচাৰীক সাৱধান কৰি দিবলৈ বাধ্য হৈ পৰিছে।