বাহাকাবাৰীঃ পথটোত চেন্দেল নিপিন্ধাকৈ খোজকাঢ়ে মানুহে৷ পথটোত বহু স্থানীয় লোকে খোজকাঢ়ি আহ-যাহ কৰি আছে যদিও পিন্ধা নাই চেন্দেল৷ পাছত ৰহস্যৰ উদঘাটন হ'ল৷

পথটোৰ বোকাত কেইবাজনো লোকৰ চেন্দেল সোমাই যোৱাত লাজে-অপমানে হাতত লৈ ঘৰলৈ আহিব লগা হোৱা বাবে বজাৰ সামৰৰ বাবে ওলাই অহা লোকসকলে ভৰিত চেন্দেল নিপিন্ধাকৈ আহে৷ সেই পথটোৰে এবাৰ যাতায়াত কৰিলে দুনাই আহিব নোখোজে মানুহ৷

পথটো পথ হৈ থকা নাই। বোকা পানী আৰু বৰ বৰ গা’তৰ হে যেন এক সমাহাৰ৷ কিমান মানুহ পথৰ গাতত পৰি আঘাতপ্ৰাপ্ত হৈছে তাৰ হিচাপ কৰিব নোৱাৰি৷ মানুহক জ্বলা-কলা খুৱাই অহা এই পথটো আছে হোজাই জিলাৰ যমুনামুখত।

পৰিৱৰ্তনৰ নামত বিজেপি চৰকাৰ আহিল, কিন্তু উন্নয়ন ন’হল পথটোৰ। ব্যস্ত হোজাই জিলাৰ যমুনামুখবাসীৰ যাতায়তৰ একমাত্র পথটো চৰকাৰত চকুত নপৰে হে নপৰে। এই পথটোৰে চৰকাৰৰ তথা ৰাজনৈতিক দলৰ বহু লোক যমুনামুখলৈ আহে।

কিন্তু আশ্চৰ্য্যৰ বিষয় এই ৰাস্তাটোত চাইকেলৰ কথা বাদেই খোজ কাঢ়ি যাবলৈও এবাৰ ভাবিবলগীয়া হয়। হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অতিকে গুৰুত্বপূৰ্ণ যমুনামুখ-সৰুপথাৰ গড়কাপ্তানি পথৰ দুৰৱস্থাই ব্যাপক সমস্যাত পেলাইছে ৰাইজক৷

পথটোত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাত, বোকা পানীৰ পৰিৱেশটো নেদেখিলে হয়তো বিশ্বাস কৰিব নোৱাৰি। হোজাই জিলাৰ অতিকে গুৰুত্বপূৰ্ণ সৰুপথাৰ-যমুনামুখ পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত ষথেষ্ট সমস্যাত পৰিছে সমগ্ৰ যমুনামুখবাসী।

প্ৰায় সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো মেৰামতিৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। সমষ্টি সন্দৰ্ভত সম্যক ধাৰণা নথকা বিধায়ক আব্দুল ৰহিম আজমলে ৰাইজৰ এনে সমস্যাৰ প্ৰতি পিঠি দি অহাৰো অভিযোগ উত্থাপিত হৈছে। পথটোৰ এনে অৱস্থাৰ বাবে চিকিৎসালয়লৈ ৰোগী নিয়াৰ পথতেই মৃত্যুমুখত পৰে বুলিও স্থানীয় লোকে অভিযোগ কৰে।