Photo Credit: dy365.in, timesofassam.com
Photo Credit: dy365.in, timesofassam.com

গুৱাহাটীঃ আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ অসম ওৰফে পৰেশ বৰুৱা আৰু সভাপতি অভিজিত অসম ওৰফে ডাঃ মুকুল হাজৰিকাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে নেশ্যনেল ইনভিষ্টিগ্যেশ্বন এজেঞ্চি নিয়াই৷

দেশৰ বিৰুদ্ধে বিদ্ৰোহ অৰ্থাৎ যুদ্ধ তথা দেশদ্ৰোহিতাৰ অভিযোগত  আলফাৰ দুই শীৰ্ষ নেতাৰ বিৰুদ্ধে নিয়াই আজিনিয়াৰ গুৱাহাটীস্থিত আদালতত দাখিল কৰে এই অভিযোগনামা। উল্লেখ্য যে, লণ্ডনত বাস কৰা চিকিৎসক মুকুল হাজৰিকাকৰ অৱস্থিতি আৰু পদবীক লৈ নানা সন্দেহ ঘনীভূত হৈ থকাৰ উপৰি তেওঁক লৈ অলেখ কাহিনীৰ চৰ্চা অব্যাহত থকা সময়তে তেওঁৰ দেহৰক্ষী গগন হাজৰিকাৰ সহায়ত অনুসন্ধানকাৰী সংস্থাটোৱে মুকুল হাজৰিকাক চিনাক্ত কৰে।

নগাঁৱত ডাঙৰ-দীঘল হোৱা ডাঃ মুকুল হাজৰিকাই যে অভিজিত অসম এই কথাক লৈ ইয়াৰ পূৰ্বেও সন্দিহান হৈ আছিল আৰক্ষী ৷ দেহৰক্ষী গগন হাজৰিকা ওৰফে জয়দীপ চেলেঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই ডাঃ হাজৰিকাৰ সন্দৰ্ভত সঠিক তথ্য লাভ কৰে নিয়াই।  বিগত ২০১৩ চনত আলফাই পুনৰ বিদ্ৰোহমূলক কাৰ্যৰ আৰম্ভণি কৰাৰ পাছতেই  ৰুজু কৰা এক গোচৰৰ ভিত্তিত এই সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে৷

মন কৰিবলগীয়া যে, নতুনকৈ কেডাৰ ভৰ্ত্তিকৰণ,  দেশৰ বাহিৰে-ভিতৰে বিভিন্ন অঞ্চলত সন্ত্ৰাসজনিত কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ শিবিৰ স্থাপনৰ দ্বাৰা বিদ্ৰোহক পুনৰ জন্ম দিব বিচাৰিছে বুলি উল্লেখ কৰি নিয়াই উক্ত গোচৰ ৰুজু কৰিছিল৷

তদুপৰি আৰ্থিক স্থিতি টনকিয়াল কৰিবলৈ অপহৰণ, ভাৰতীয় সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ  ইত্যাদি বিভিন্ন কাৰ্যকলাপ কৰা বুলিও গোচৰটোত  উল্লেখ আছে ৷ এই গোচৰৰ ভিত্তিত বিগত ৪ বছৰ ধৰি আলফাৰ কূটাঘাতমূলক দুষ্কাৰ্যৰ বিৰুদ্ধে নিয়াই অনুসন্ধান অব্যাহত ৰাখিছিল ৷ এই অনুসন্ধানত আলফা শীৰ্ষ নেতাদ্বয়ৰ বিৰুদ্ধে যথেষ্ট তথ্য লাভ কৰিছিল তদন্তকাৰী সংস্থাটোৱে। এই তথ্যসমূহৰ ভিত্তিতেই নিয়াই দাখিল কৰিছে অভিযোগনামা৷