ডিজিটেল ৰিপ'ৰ্টঃ সৰ্বসাধাৰণৰ নহয়, হাতত মাৰণাস্ত্ৰ লৈ ফুৰা নিৰাপত্তাৰক্ষীৰ জীৱনৰক্ষাৰ প্ৰধান আহিলা হৈ পৰিছে শৈশৱৰ ধেমালিৰ কেটেপা বা বাটুলগুটি। ভাৰতীয় নিৰাপত্তাবাহিনীৰ হাতত থকা একে ৪৭ৰ সলনি এতিয়া কেটেপাই জীৱন ৰক্ষাৰ প্ৰধান আহিলা হিচাপে পৰিগণিত হোৱা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। 

এসময়ৰ ভূ-স্বৰ্গ বিবেচিত জন্মু কাশ্মীৰ এতিয়া একপ্ৰকাৰ অগ্নিগৰ্ভা। ভাৰত বিৰোধী কাৰ্যকলাপ, সন্ত্ৰাসবাদীৰ দৌৰাত্ম্য, পাকিস্থানী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশে সদায় অস্থিৰ কৰি কৰা জন্মু কাশ্মীৰৰ পৰিৱেশক লৈ চৰকাৰো চিন্তিত। সন্ত্ৰাসবাদীৰ দৌৰাত্ম্য, আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰতিনিয়ত ব্যস্ত হৈ থকা নিৰাপত্তাৰক্ষীসকল সম্প্ৰতি আন এক সমস্যাত জৰ্জৰিত। 

স্থানীয় জনসাধাৰণৰ একাংশই  সংঘৱদ্ধ হৈ প্ৰায়ে নিৰাপত্তাবাহিনীৰ সৈতে সংঘাতত লিপ্ত হৈ আহিছে আৰু জনসাধাৰণৰ শিলাবৰ্ষণত বহু জোৱান গুৰুতৰভাৱে আহতও হৈছে। এনে শিলাবৰ্ষণৰ পৰা ৰক্ষা পাবলৈ মানৱ ঢাল ব্যৱহাৰ কৰা বিষয়টোৱে ইতিমধ্যে বিশ্বজুৰি প্ৰচাৰ লাভ কৰিছে যদিও নিৰাপত্তাৰক্ষীয়ে শিলাবৰ্ষণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তথা প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কেটেপাকে মুখ্য সাৰথি কৰি লোৱাটো আন এক চৰ্চাৰ বিষয় হৈ পৰিছে।

জন্মু কাশ্মীৰৰ ছফিয়ান, পুলৱামা জিলা দুখনত নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি প্ৰায় প্ৰতিদিনে স্থানীয় জনসাধাৰণে শিলাবৰ্ষণ কৰে। নিৰাপত্তাৰক্ষীয়ে স্থানীয় জনতাক গুলী কৰিব নোৱাৰে যদিও গেছ গান বা পাম একচন গানেৰে হে প্ৰতিবাদী জনতাক ছত্ৰভংগ দিয়াৰ প্ৰচেষ্টা চলায়। 

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলালেও সন্ত্ৰাসবাদীৰ প্ৰতি অনুকম্পা প্ৰকাশ কৰি একাংশ জনতাই নিৰাপত্তাৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰি সন্ত্ৰাসবাদীক পলাবলৈ সুযোগ দিয়াৰ অভিযোগ থকা একাংশ কাশ্মীৰী জনতাক এতিয়া নিৰাপত্তাৰক্ষীয়ে শিলৰ প্ৰত্যুত্তৰ শিলেৰে দিয়ে। শিলৰ প্ৰত্যুত্তৰ শিলেৰে দিবলৈ তেওঁলোকে ব্যৱহাৰ কৰে আমাৰ অতি চিনাকী শৈশৱৰ লগৰী কেটেপা। 

কাশ্মীৰ উপত্যকাত উত্তৰ-পূৱ তথা অসমৰ বহু যুৱক দেশ মাতৃৰ সেৱাত অহৰ্নিশে ব্যস্ত। পাক সীমান্তত দেশ মাতৃক ৰক্ষা কৰিবলৈ নিয়োজিত উক্ত নিৰাপত্তাৰক্ষী যুৱকসকল ঘৰলৈ ছুটীত আহিলেই সৰহসংখ্যক কেটেপা সাজি লৈ পুনৰাই কৰ্মস্থলীলৈ ৰাওনা হয়। 

"৪০ডাল কেটেপা সাজিলো। তাত এইবোৰ কৰি থকাৰ সময় নাথাকে। গছৰ ডাল, বাঁহ আদি বিচাৰি ফুৰাতো অসম্ভৱ। মধুৰীআমৰ Y আকৃতিৰ ডাল কেটেপা সাজিবলৈ ভাল। পিছে তাত তেনেকৈ পোৱা নাযায়। আমাৰ ইয়াত মধুৰীআম বহুত আছে। সেয়ে আমি ইয়াতে সাজি লৈ যাও। আমাৰ ঘৰৰ লগতে গাঁৱৰ মোৰ লগৰীয়াৰ ঘৰৰ মধুৰীআমৰ ডাল কাটি আনি সাজিছো কেটেপা।"- News Next Oneক এইদৰে জনায় কাশ্মীৰত কৰ্তব্যৰত ছুটীত অসমলৈ অহা নাম প্ৰকাশত অনিচ্ছুক এজন চি আৰ পি এফ জোৱানে। তেওঁ আৰু কয় যে অসমৰ অধিকাংশ জোৱানে ছুটীত ঘৰলৈ আহি এনেকৈ কেটেপা সাজি কাশ্মীৰলৈ লৈ গৈ আছে।

এনেদৰে কেটেপাই এতিয়া বিস্তাৰিত প্ৰসাৰ লাভ কৰি প্ৰায়সংখ্যক অৰ্ধ সামৰিক নিৰাপত্তাৰক্ষীৰ হাতে হাতে বিদ্যমান হৈ পৰিছে। কাশ্মীৰী জনতাৰ বাবে এতিয়া একে ৪৭ৰ পৰিৱৰ্তে অন্যতম সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে কেটেপা। গেছ গানক ভয় নকৰা প্ৰতিবাদীসকল কিন্তু কেটেপা টনা দেখিলেই ভিৰাই দৌৰ মাৰে। 

আনহাতে কান্ধত একে ৪৭ ওলোমাই ৰাখি প্ৰতিবাদীসকলক লক্ষ্য কৰি নিৰাপত্তাৰক্ষীয়ে কেটেপা টনা দৃশ্য এতিয়া কাশ্মীৰ উপত্যকাত সুলভ হৈ পৰিছে । শৈশৱৰ অতি চিনাকি কেটেপাই এতিয়া নিৰাপত্তাৰক্ষীৰ জীৱন ৰক্ষাৰ প্ৰধান অস্ত্ৰ তথা প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ ব্যৱহাৰ হোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।