
ডিব্ৰুগড়ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে আজি ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত সাংবাদিকৰ সমস্যা সন্দৰ্ভত আলোচনা কৰে উপদেষ্টা গোস্বামীয়ে।
বিজেপিৰ নেতৃত্বত ৰাজ্যত মিত্ৰজোঁটj চৰকাৰ শাসনলৈ অহাৰ পিছতে ৰাজ্যখনৰ সাংবাদিকসকলৰ বাবে আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে। সাংবাদিকসকলৰ কল্যাণৰ স্বাৰ্থত মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিবৰ সৈতে আলোচনাৰ মৰ্মে আঁচনি তৈয়াৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে মত-বfনিময় অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলক।
ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ পৰাও পৰামৰ্শ গ্ৰহণ কৰে গোস্বামীয়ে। ডিব্ৰুগড়ৰ সাংবাদিকসকলে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীক ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত সাংবাদিক কলনি নিৰ্মাণ কৰাৰ লগতে সাংবাদিকৰ বিনামূলীয়া স্বাস্থ্য সেৱা, স্বাস্থ্য বীমা আদিকে ধৰি অন্যান্য আঁচনিৰ কথা উল্লেখ কৰে।
আনহাতে এই সমগ্ৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি কাৰ্যকৰী কৰিব বুলি আশ্বাস প্ৰদান কৰে উপদেষ্টাগৰাকীয়ে। বিশেষকৈ সাংবাদিকসকলক সংবাদ প্ৰতিষ্ঠানে নিযুক্তি পত্ৰ প্ৰদানৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিব বুলি গোস্বামীয়ে উল্লেখ কৰে।
এইক্ষেত্ৰত সাংবাদিক সংগঠনসমূহক গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায়। একেদৰে মাঝিথিয়া প্ৰসংগত তেওঁ ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ নামানিলে সংবাদ প্ৰতিষ্ঠান বিপদত পৰিব বুলি কয়। মত বিনিময় অনুষ্ঠানত বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাই, জনসংযোগ বিষয়া সুলক্ষণা মিথি কছাৰী আদিকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু সাংবাদিক সংগঠনৰ লোক উপস্থিত থাকে৷