ফিল’বাৰীঃ উজনি অসমৰ বিভিন্ন ঠাই ছানি ধৰিছে নিচাযুক্ত সামগ্ৰীয়ে৷ তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটা, জাগুণ আদি জনগোষ্ঠীয় অঞ্চলত ব্যাপক হাৰত নিচাযুক্ত সামগ্ৰীয়ে ছানি ধৰাৰ খবৰ প্ৰকাশ হোৱাৰ মাজতে ফিল’বাৰীত আজি আৱকাৰী বিভাগৰ অভিযানত জালত পৰে মহিলাসহ দুজন কানি ব্যৱসায়ী৷

এচাম অসাধু লোকে উজনিৰ কেইবাখনো জিলাত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি অহাৰ ব্যাপক অভিযোগ উত্থাপন হৈ অহাৰ মাজতে ফিল’বাৰীত আৱকাৰী বিভাগৰ অভিযানত মহিলা সহ আটক হয় কানি ব্যৱসায়ী।

তিনিচুকীয়া জিলাৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ নেতৃত্বত আবকাৰীৰ এটি দলে আজি ফিল'বাৰীৰ আমগুৰিৰ পুন্যজান গাঁৱত অভিযান চলাই প্ৰায় ১ কেজি ৬০০ গ্ৰাম কানিৰ লগতে মহিলাসহ দুজন লোকক আটক কৰে।

বিপুল ওৰফে প্ৰকাশ চেত্ৰী (৩২) আৰু মাইজু চেত্ৰী (৫৫) নামৰ লোকদুজনক আটক কৰে। অৱশ্যে পাছত মহিলাগৰাকীক মুকলি কৰি দিয়ে অভিযানকাৰী দ'লটোৱে গাঁওখনৰ ইনে মৰাণ আৰু গোবিন ছেত্ৰীৰ গৃহতো কানিৰ সন্ধানত আবকাৰী বিভাগে অভিযান চলায়।

জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ গ্ৰাম্যঞ্চলত মুকলিকৈ কানিৰ বৃহৎ বজাৰ গঢ়ি উঠিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় সচেতন ৰাইজে। জিলাখনৰ নাম প্ৰকাশত অনিচ্ছুক একাংশ লোকে কেটেতং, ইমথেন, নংলাই, ডিৱং আদি অঞ্চলৰ লগতে লিডুৰ কলপাৰা, নামফাই, আদি জনগোষ্ঠীয় প্ৰধান অঞ্চলত গাঞ্জাৰ মুক্ত প্ৰচলন হৈ থকা বুলি অভিযোগ কৰে৷