16
Jul
2017

ডিজিটেল ডেস্কঃ চেলফি কিমান ভয়ানক হ’ব পাৰে, তাৰেই এক নমুনা দাঙি ধৰিছে এগৰাকী মহিলাই। ৰাজহুৱা স্থানত চেলফি ল’বলৈ গৈ মহিলাগৰাকীয়ে কৰিলে প্ৰায় ১ কোটি ২৮ লাখ টকাৰো অধিক ক্ষতি।
দৰাচলতে লচ এঞ্জেলেচৰ লিংকন হাইটচত অনুষ্ঠিত চতুৰ্দশ ফেক্টৰী কলা প্ৰদৰ্শনী চাবলৈ গৈছিল মহিলাগৰাকীয়ে। হংকঙৰ শিল্পী চিমন বাৰ্কৰ শিল্পকলাৰ নিদৰ্শনসমূহ স্তম্ভৰ ওপৰত সজাই থোৱা আছিল। তাতেই ঘটিল অঘটনটো।
মহিলাগৰাকীয়ে চেলফিৰ নিঁখুট কৌণিক ফ্ৰেম বিচাৰি থাকোতেই তাৰে এটা স্তম্ভত খুন্দা লাগে। লগে লগে ইটোৰ পিছত সিটো স্তম্ভ বাগৰি পৰে। তাৰ লগতে ক্ষতিগ্ৰস্ত হয় স্তম্ভৰ ওপৰত সজাই থোৱা শিল্পকলাৰ নিদৰ্শন।
১২ টাকৈ মুকুটৰ দৰে নিদৰ্শনৰ হোৱা ক্ষতিৰ পৰিমাণ ১ কোটি ২৮ লাখতকৈও অধিক বুলি প্ৰদৰ্শনীৰ আয়োজকে জনায়। যোৱা সপ্তাহত ঘটিছে এই ঘটনা। ভিডিঅ’টোও হৈ পৰিছে ভাইৰেল।