গৰৈমাৰীঃ কেতিয়াবা ছাৰপ্ৰাইজ ভিজিট, কেতিয়াবা শিক্ষকৰ খতিয়ান লৈ চমক সৃষ্টি কৰা ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ আন আন বিভাগতকৈ নিজৰ বিভাগকেইটাত ব্যতিক্ৰমী কামেৰে প্ৰশংসা বুটলি আহিছে। শিক্ষা আৰু স্বাস্থ্য বিভাগত পৰিৱৰ্তনৰ কথাও দোহাৰা মন্ত্ৰীগৰাকীৰ সমলোচকো বহুত।

দীৰ্ঘদিন ধৰি মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগৰ মন্ত্ৰী হৈ আছে। প্ৰকৃততে মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগৰ পৰিৱৰ্তন কৰিব পাৰিছিনে। এই কথাৰ উত্তৰ ৰাইজেহে দিব পাৰিব।

তাৰ মাজতে গ্ৰাম্যঞ্চলৰ এখন চিকিৎসালয়ত ৰোগীক চিকিৎসকে কোনোধৰণৰ চোৱা-চিতা নকৰাকৈ পোনে পোনে  জি এম চি এইচলৈ প্ৰেৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই চিকিৎসালয়খন হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ৩০খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়।

শনিবাৰে আবেলি ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰৰ চৰ ডেক্ৰেদিয়াত এটি শিশুক ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ প্ৰায় ২ ঘন্টা পাছত পৰিয়াল, ওচৰ-চুবুৰীয়াই জীৱিত অৱস্থাত উদ্ধাৰ কৰি গৰৈমাৰীৰ ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়লৈ সংকটজনক অৱস্থাত লৈ আহে যদিও চিকিৎসকে শিশুটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰৰ চৰ ডেক্ৰেদিয়াৰ মইনাল হকৰ ৩ বছৰীয়া পুত্ৰ নবিৰ হুছেইনক ২ ঘন্টাৰ পিছত পৰিয়ালৰ লোকে পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰি নাৱেৰে সন্ধিয়া প্ৰায় ৫ বজাত গৰৈমাৰীস্থিত পুখুৰীপাৰ ৩০ খন বিছনাযুক্ত সামুহিক স্বাস্থ্য কেন্দ্ৰলৈ আনে৷ কিন্তু শিশুটিক চিকিৎসকে কোনো ধৰণৰ প্ৰাথমিক চিকিৎসা নকৰাকৈ জি এম চি এইছ লৈ প্ৰেৰণৰ নিৰ্দেশ দি চিকিৎসালয়খনৰ পৰা মুমুৰ্ষ শিশুসহ পৰিয়ালৰ লোকক উলিয়াই দিয়ে বুলি অভিযোগ কৰে। চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ এই অভিযোগ উত্থাপন কৰিছে চিকিৎসক ডা০ জয়ন্ত শইকীয়াৰ বিৰুদ্ধে।

চিকিৎসকে এনেদৰে কোনোধৰণৰ পৰীক্ষা নকৰাকৈয়ে জি এম চি এইছলৈ লৈ যাবলৈ কোৱাত দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে। উপায়বিহীন পৰিয়ালটোৱে মৃতপ্ৰায় শিশুটোক লৈ চিকিৎসালয় চৌহদৰ গছৰ তলত নিশা প্ৰায় ১০ বজালৈ বহি থাকিবলগীয়া হয়।

ইয়াৰ পিছতে শিশুটিৰ পৰিয়ালে চিকিৎসক জয়ন্ত শইকীয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ নিশাই একাংশ লোকে দান-বৰঙণি দি শিশুটিক জি এম ছি এইচ লৈ প্ৰেৰণ কৰে।

ৰাজ্যৰ বানত কেইবাজন লোকৰ মৃত্যু হোৱাৰ সময়ত পানীত পৰা শিশুটিক নোচোৱাকৈয়ে পোনে পোনে জি এম ছি এইছলৈ প্ৰেৰণৰ অভিযোগ তুলিছে শিশুটিৰ পৰিয়ালে। ইয়াৰ পূর্বেও এনেদৰেই সাধাৰণ জ্বৰ হ'লেও চিকিৎসকেগৰাকীয়ে জি এম চি এইছলৈ এনেদৰে ৰোগীক প্ৰেৰণ কৰাৰ অভিযোগ আছে৷

নিশাই সাংবাদিকে চিকিৎসকগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিয়েই ক্ষান্ত নাথাকি অভদ্ৰ বুলি গালি পাৰে। চমক সৃষ্টি কৰা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মানুহৰ জীৱনক লৈ হেতালি খেলা চিকিৎসক জয়ন্ত শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব নে বুলি প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে।