ডিব্ৰুগড়ঃ টাই আহোম যুৱ পৰিষদৰ ২২সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পংকজ বুঢ়াগোহাঁইয়ে জনজাতিকৰণ সন্দৰ্ভত  কেন্দ্ৰীয় চৰকাৰক  নিজৰ স্থিতি স্পষ্ট কৰিব'লৈ আহ্বান জনায়।

লগতে জনজাতিকৰণ নকৰিলে পৰিস্থিতি ভয়াবহ হব বুলিও মন্তব্য কৰে। টাইপা ডিব্ৰুগড় জিলা সমাতিৰ উদ্যোগত ডিব্ৰুগড় সাহিত্য সভা ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত  প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।

আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিয়া, ৰাজ্যৰ কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা, অবৈধ বাংলাদেশী বহিষ্কৰণ তথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ শীঘ্ৰে সম্পন্ন কৰাকে ধৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে উক্ত দাবীসমূহ পূৰণ নকৰালৈকে আন্দোলন অব্যাহত ৰাখিব বুলিও মত পোষণ কৰে।

উক্ত  অনুষ্ঠানতে কেইবাগৰাকী সৰবৰহী ব্যক্তিক সম্বৰ্ধনা জনায়। প্ৰতিষ্ঠা দিৱসত টাইপাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জয়নাৰয়ণ বুঢ়াগোহাঁই, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি উদয় শংকৰ মহন, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, ফ্ৰালং মুং অসমৰ সাধাৰণ সম্পাদক মানচাও গোলাপ বৰগোহাঞিকে আদি কৰি কেইবাজনো জাতীয় জনগোষ্ঠীয় নেতা উপস্থিত থাকে।