
ডিজিটেল ডেস্কঃ মীৰা কুমাৰ নে ৰামনাথ কোবিন্দ- এই প্ৰশ্নই মনত লৈ আজি আৰম্ভ হৈছে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান। ৰাষ্ট্ৰীয় গণতান্ত্ৰীক মৰ্চাৰ প্ৰাৰ্থী ৰামনাথ কোবিন্দৰ বিপৰীতে আছে বিৰোধী দলৰ প্ৰাৰ্থী মীৰা কুমাৰ। সংসদ ভৱনৰ ৬২ নং কোঠাত পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। সন্ধিয়া ৫ বজালৈকে ভোটদান কাৰ্যসূচী চলিব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মুঠ ভোটমূল্য হৈছে ১০,৯৮৯০৩। সন্ধিয়া ৫ বজাৰ লগে লগে ভোট বাকচসমূহ ষ্ট্ৰং ৰুমলৈ নিয়া হ’ব। ২০ জুলাইত খোলা হ’ব এই বাকচবোৰ। লগে লগে আৰম্ভ হ’ব গণনা। ফলাফলো দিয়া হ’ব সিদিনাই। ২৪ জুলাইত ৰাষ্ট্ৰপতি প্ৰণৱ মূখ্যৰ্জীৰ কাৰ্যকাল অন্ত পৰাৰ পিছতে ২৫ জুলাইত নতুন ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব।
► এনডিএৰ হাতত আছে ৫,৩৭,৬৮৩ ভোট, কমি আছে ১২ হাজাৰ ভোট।
► কিন্তু জনতা দল (ইউনাইটেড), বিজু জনতা দল আদিয়ে কোবিন্দকে ভোট দিব হেতুকে সম্ভাৱনা বাঢ়িব।
► সাংসদ, বিধায়ক মিলি হোৱা ইলেক্টৰেল কলেজৰ ১.৯১ শতাংশ আছে জনতা দল ইউনাইটেডৰ হাতত। একেদৰে বিজেডিৰ হাতত আছে ২.৯৯ শতাংশ।
► তদুপৰি কোবিন্দৰ সমৰ্থনত আছে টিআৰএছ (২%), এআইডিএমকে (৫.৩৯%), ওৱাইএছআৰ কংগ্ৰেছ (১.৫৩%)।
► ২১৮০ বিধায়ক আৰু ৫৩০ সাংসদৰ সমৰ্থন এনডিএলৈ।
► ১৬২৮ বিধায়ক আৰু ২৩২ সাংসদৰ সমৰ্থন বিৰোধী দলৰ প্ৰাৰ্থীলৈ।
► প্ৰথমে ২৮ টা দলৰ সমৰ্থন থকা কোবিন্দলৈ এতিয়া ৪২ টা দলে সমৰ্থন আগবঢ়াইছে।
► ইফালে মীৰা কুমাৰৰ সমৰ্থনত আছে ১৭ টা বিৰোধী দলৰ ভোটদাতা।