শতবৰ্ষ গৰকা ঐতিহাসিক বিদ্যালয়খন, ফটোঃ ইউটিউব
শতবৰ্ষ গৰকা ঐতিহাসিক বিদ্যালয়খন, ফটোঃ ইউটিউব

ডিজিটেল ডেস্কঃ উদণ্ড ছাত্ৰ। বুজালেও নুবুজে। লগৰীয়া ছোৱালীক জোকাবলৈ বুলিহে যেন সিহঁত স্কুললৈ আহে। যিমানেই বুজনি দিয়া হয় সিমানে বাঢ়ে উৎপাত। স্কুলৰ ডেস্ক-বেন্সৰ পৰা আৰম্ভ কৰি সকলোতে কেৱল লগৰীয়া ছাত্ৰীৰ নাম উল্লেখ কৰি আই লাভ ইউ বুলি লিখাই কাম অধিকাংশ ছাত্ৰৰ। 

স্কুললৈ আহোতে জোকাই, স্কুলৰ পৰা যাওতে জোকাই। কেতিয়াবা আকৌ ছাত্ৰীবোৰক দেখুৱাই শ্ৰেণীকোঠাতে অশ্লীল ভিডিঅ’ উপভোগ কৰে। মুঠৰ ওপৰত একে বিদ্যালয়ৰ চিনাকি ছাত্ৰৰ ইভটিজিঙত অতিষ্ঠ হৈ পৰিবলৈ বাধ্য হৈ পৰে ছাত্ৰীসকল।

প্ৰতিদিনেই ছাত্ৰীসকলে ইয়াৰ বিৰুদ্ধে শিক্ষকসকলক অভিযোগ দিয়ে। শিক্ষকসকলেও গালি দি দি ভাগৰি পৰে। প্ৰতিদিনেই এই সমস্যাৰ কিদৰে সমাধান কৰিব পাৰি তাৰেই উপায় উলিওৱাত ব্যস্ত হৈ পৰে প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰী।

অৱশেষত সমাধান সূত্ৰ বিচাৰি পালে শিক্ষকসকলে। তেতিয়াৰে পৰা সপ্তাহত তিনি দিন ছাত্ৰসকল স্কুললৈ আহে। আৰু বাকী তিনি দিন ক্লাছ কৰিবলৈ আহে ছাত্ৰীসকল। ইয়াৰ পিছতে বন্ধ হৈ পৰে ছাত্ৰীৰ অভিযোগ। কিয়নো পৃথক পৃথকৈ কৈ বিদ্যালয়লৈ অহাত ছাত্ৰসকলে ছাত্ৰীসকলক জোকাৱাতো একপ্ৰকাৰ অসম্ভৱ হৈ পৰে।

পিছে সমস্যা সমাধানৰ এই উপায়ে সৃষ্টি কৰে আন এক সমস্যাৰ। পশ্চিমবংগৰ বীৰভূমৰ কাঁকৰতলা বড়ৰা হাইস্কুল কৰ্তৃপক্ষৰ উক্ত সিদ্ধান্তক লৈ অঞ্চলটোৰ শৈক্ষিক মহলত সৃষ্টি হয় তীব্ৰ বিতৰ্কৰ। একাংশ অভিভাৱকে বিদ্যালয় কৰ্তৃপক্ষৰ এনে আজৱ সিদ্ধান্তৰ বিৰুদ্ধে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে।

লগে লগে মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চ শিক্ষা সংসদে এনে কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি স্পষ্ট কৰি দি বিদ্যালয় পৰিদৰ্শকক বিষয়টোৰ তদন্ত নিৰ্দেশ দিয়ে। বিদ্যালয় পৰিদৰ্শকে সংবাদ মাধ্যমক জনায় যে অভিভাৱকৰ অভিযোগ সত্য হ’লে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

শতবৰ্ষ গৰকা এই হাইস্কুলখনৰ এনে আজৱ কাণ্ডক লৈ এতিয়া পশ্চিমবংগৰ শৈক্ষিক মহলৰ লগতে সমগ্ৰ দেশতে সৰৱ চৰ্চা চলা দেখা গৈছে। বিদ্যালয় কৰ্তৃপক্ষই কেনেদৰে এনে সিদ্ধান্ত ল’ব পাৰিলে সেই লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। অৱশ্যে এতিয়ালৈকে বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ খোলাৰ পৰা বিৰত আছে বিদ্যালয় কৰ্তৃপক্ষ।