কোকিলাঃ বানৰ কবলত পৰি ৰাজ্যৰ ২৬খন জিলাৰ লোক ককবকাই থকাৰ সময়তে খেতি পথাৰত পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে৷

কেইবাখনো জিলাৰ পথাৰ পানীয়ে বুৰাই পেলোৱাৰ সময়তে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা এই কৃষকসকল হৈছে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ।

পানীৰ অভাৱত অঞ্চলটোৰ অধিকাংশ কৃষকে ভূঁই ৰুব পৰা নাই৷  জিলাখনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ মাণিকপুৰৰ বালাৰচৰ, মাত্ৰাঘোলা, কীৰ্ত্তনপাৰা, বাংলাপাৰা, আদি অঞ্চলৰ দৰিদ্ৰ কৃষকে পানীৰ অভাৱত মূৰে-কপালে হাত দিব লগা হৈছে।

ভৰ বাৰিষা ভূঁই ৰোৱাৰ সময়তে প্ৰখৰ ৰ'দত মাটি শুকাই যাবলৈ আৰম্ভ কৰিছে। উপায়ন্তৰ হৈ কৃষকসকলে পাৱাৰ পাম্পৰ জৰিয়তে পানী সিঁচি ভূঁই ৰোৱাৰ চেষ্টা চলাইছে যদিও সফল হ'ব পৰা নাই৷

অঞ্চলটোৰ কৃষকসকলৰ বাবে এতিয়া পানী সিঁচা মেচিনেই  হৈ পৰিছে একমাত্ৰ ভৰসা৷ সেয়া হ'লেও ধনৰ অভাৱত মেচিন ভাৰা কৰিবলৈ মহাজনৰ পৰা ঋণো ল'বলৈ বাধ্য হৈ পৰিছে অঞ্চলটোৰ বহু কৃষক।