
গুৱাহাটীঃ শিক্ষা ব্যৱস্থাক বাণিজ্যকৰণ কৰি একাংশ লোকে গঢ় দিয়া বিদ্যালয়সমূহ নিজ মই মতালিৰে চলাই অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বন্ধ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হোজাই জিলাত।
জানিব পৰা মতে, জিলাখনৰ মোৰাঝাৰস্থিত জ্ঞানজ্যোতি একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়খন কৰ্তৃপক্ষই হঠাৎ বন্ধ কৰি দিয়ে৷ ২০১৬ বৰ্ষত স্থাপন কৰা জ্ঞান জ্যোতি কন্যা কনিষ্ঠ মহাবিদ্যালয়ত প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিছিল ৮-৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷
কলা শাখাৰ একাদশ শ্ৰেণীত পাঠদান চলি আছিল যদিও দ্বাদশ শ্ৰেণীত কেৰোণ লাগে৷ দৰমহা দিব নোৱাৰাৰ বাবে পাঠদান বন্ধ কৰে প্ৰৱক্তাই। চলিত বৰ্ষত মাত্ৰ তিনি গৰাকী শিক্ষাৰ্থীয়ে নাম ভৰ্ত্তি কৰা কনিষ্ঠ মহাবিদ্যালয়খন মালিক পক্ষই ব্যৱসায় নোহোৱাৰ বাবে এই বৰ্ষত বন্ধ কৰি দিয়ে।
উল্লেখ্য যে, এইখন কনিষ্ঠ মহাবিদ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লৈছিল ৰাজ্যৰ কেবাগৰাকী বুদ্ধিজীৱি তথা শিক্ষাবিদে। মোৰাঝাৰ অঞ্চলত চৰকাৰী শিক্ষানুষ্ঠানৰ দুৰ্বলতাৰ সুযোগ লৈ গঢ় লৈ উঠা প্ৰায় ৫খন জুনিয়ৰ কলেজ বিগত দুটা বৰ্ষত বন্ধ হৈ পৰে। এনেদৰে শিক্ষানুষ্ঠানখন বন্ধ হৈ পৰাত অভিভাৱকসকলৰ লগতে অঞ্চলটোৰ শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷