17
Jul
2017

চাবুৱাঃ সদৌ অসম জাতীয়তাবাদী যুৱ-পৰিষদ নামৰ এটি সংগঠনে অহা ২০ আৰু ২১ জুলাইত উজনি অসম বন্ধ ঘোষণা কৰাত জাঙুৰ খাই উঠিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ।
সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই অসমৰ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ কোনো কাৰ্যসূচীত সৰ্মথন তথা সহযোগিতা আগনবঢ়োৱা সংগঠনে অসম বন্ধ দিয়াটো হাস্যকৰ বুলি কয়৷
বানবিধ্বস্ত অঞ্চলৰ লোকক সাহায্য তথা সহায় কৰাৰ পৰিৱৰ্তে নকৈ গঠন হোৱা সংগঠনটোৱে বন্ধ দিয়া কাৰ্যক অযুক্তিপূৰ্ণ বুলি আজি উভতি ধৰে মটক জনগোষ্ঠীৰ নেতাগৰাকীয়ে৷
বন্ধ দিয়াৰ পৰিৱৰ্তে ছয় জনগোষ্ঠীৰ ধাৰাবাহিক কাৰ্যসূচীত সহযোগিতা কৰাৰ লগতে বানাক্ৰান্ত পৰিয়ালৰ ওচৰলৈ গৈ বানপীড়িত পৰিয়ালক সহায় প্ৰদান কৰাটোৱেই বেছি উত্তম হ’ব বুলি কৈ বানাক্ৰান্ত লোকসকলৰ প্ৰতি চিন্তাশীল হ'বলৈ আহ্বান জনায় যুগল বৰুৱাই৷