বাঘবৰঃ যোৱা কেইবাদিনো ধৰি বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হোৱা বাঘবৰৰ বহু অঞ্চলৰ লোকে আজি পৰ্যন্ত সাহায্য নোপোৱাৰ অভিযোগ উঠিছে।

বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মাই সাহায্য দিবলৈ ধন মজুত থকা বুলি কোৱাৰ লগতে বনাৰ্ত্যক পৰ্যাপ্ত চিকিৎসা সেৱা আগবঢ়োৱা বুলি কৈ অহাৰ সময়তে বাঘবৰত বৰ্নাত্যই স্বাস্থ্য সেৱা লাভ নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ।

ইয়াৰ মাজতে, বাঘবৰৰ বান পৰিস্থিতিৰ খবৰ লবলৈ দেওবাৰে উপস্থিত হয় নামনি অসম আয়ুক্ত আহমেদ হুছেইন, বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ লগতে বহু প্ৰশাসনৰ কেইবাগৰাকী লোক। উপস্থিত হৈয়েই বাঘবৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত বানপানীৰ পৰ্যালোচনা সভাত বিভিন্ন বিষয়াৰ সৈতে মিলিত হৈ বাঘবৰৰ বানত ক্ষতিগ্ৰস্ত দিশসমূহ আলোচনা কৰে।

সভাৰ শেষত পাহাৰপুৰ কাতুলিত ছিঙা মাথাউৰি পৰ্যবেক্ষণ কৰে বিষয়াসকলে। মাথাউৰিসমূহ শীঘ্ৰে মেৰামতি কৰিব বুলি আয়ুক্তগৰাকীয়ে আশ্বাস দিয়ে। ইফালে চৰকাৰী তথ্য অনুযায়ী বাঘবৰত ১৬ খন গাঁৱ বানপানীৰ ফলত ক্ষতি হৈছে।

চৰকাৰী তথ্য ভিত্তিহীন বুলি কৈ ৰাইজে সমগ্র বাঘবৰ সমষ্টিটোৱেই বানত ক্ষতি হোৱা বুলি দাবী কৰে। আনহাতে মাথাউৰি ছিঙাৰ ফলত ক্ষতি হোৱা চাৰিটা পৰিয়ালক বিশেষ সাহায্যৰ লগতে পুনৰ সংস্থাপনৰো দাবী জনায় ৰাইজে।