নগাঁওঃ নগাঁৱৰ ৰূপহীহাটত দেওবাৰে সংঘটিত গুলীচালনাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি পুনৰাই গেৰুৱাটিত দুৰ্বৃত্তৰ গুলrত নিহত হয় এজন লোক৷

নিহত লোকজন গৰেমাটিখোৱাৰ জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে৷ ডকাইতি, হত্যা, গাড়ী চোৰকে ধৰি বহুকেইটা অপৰাধমূলক কাৰ্যৰ সৈতৈ জড়িত আছিল জিয়াবুৰ৷

ৰূপহীহাটৰ পৰা টেম্প’ৰে নিজা ঘৰলৈ গৈ আছিল নিহত জিয়াবুৰ ৷ সেই সময়তে জিয়াবুৰক লক্ষ্য কৰি গুলী এৰি উধাও হয় দুৰ্বৃত্ত।

দুটা ডকাইতৰ দলৰ মাজত হোৱা সংঘাতৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷ ইতিমধ্যে নগাঁও আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তৰ সন্ধানত জোৰ তদন্ত অব্যাহত ৰাখিছে ৷

কালিও ৰূপহীহাটৰ খাটোৱালত দুৰ্বৃত্তই গুলীয়াই আহত কৰিছিল দুজন ব্যক্তিক৷ আহত ৰফিকুল ইছলাম আৰু আব্দুল মান্নান এতিয়া চিকিৎসালয়ত চিকিৎসাধীন ৷

এনেদৰে ধাৰাবাহিকভাবে সংঘটিত হৈ থকা অপৰাধজনীত ঘটনাই বৃহত্তৰ ৰূপহীহাটবাসীক আতংকগ্ৰস্ত কৰি তুলিছে৷