17
Jul
2017

গোৰেশ্বৰঃ নেচনেল ফ্ৰিডম ফাইটাৰ অব বড়োলেণ্ড নামৰ অজ্ঞাত সংগঠন এটাৰ সদস সদস্য বিগৰাই দৈমাৰী (১৮ ) আজি আজি বিয়লি আৰক্ষীৰ জালত পৰে।
বাগসা জিলাৰ গোৰেশ্বৰৰ বৰকচুলাৰ পৰা আটক কৰা হয় সদস্যজনক। বাগসা আৰক্ষীৰ ডিএছপি কংকনজ্যোতি নাথ আৰু গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেৰম্ব গোস্বামীৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি আটক কৰা হয় যুবকজনক।
জানিব পৰা মতে অস্ত্ৰ কিনাৰ প্ৰস্তুতি চলাইছিল সংগঠনটোৰ একাংশ সদস্যই।উল্লেখ্য যে যোৱা ৫ জুলাইত বিগৰাই ৰ দুজন সহযোগী কনক বড়ো আৰু শুকৰাম বড়ো ক গোৰেশ্বৰ আৰক্ষী আৰু সেনাই অভিযান চলাই আটক কৰিছিল। দুয়োজন সদস্যক দাবী কৰা ধন নিবলৈ অহা সময়ত গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰিছিল। ইয়াৰ পিছত পুনৰ এনেদৰে অজ্ঞাত সংগঠনৰ সদস্য আটক হোৱা ঘটনাই তাৎপর্য বহন কৰিছে।