
লংকাঃ অসমত আৱিস্কাৰ হৈছে আন এখন লোৰ দলং৷ লোৰ দলংখন বৃটিছ নতুবা আহোম ৰজাই সজোৱা নাছিল ৷ সজাইছিল কংগ্ৰেছ চৰকাৰে ৷ বহু পুৰণিয়ো নহয় দলং খন৷ দলংখন নিৰ্মাণৰ তিনি-চাৰি বছৰ হৈছেহে৷ হোজাই জিলাৰ ৯২ নং লামডিং বিধান সভা সমষ্টিৰ অন্তৰ্গত লংকা চহৰৰ পৰা প্ৰায় ১৫ কিঃ মিঃ নিলগৰ উদালীত আছে এই দলংখন৷
লোৰ দলংখনক লৈ উদালীবাসীয়ে গৌৰৱ কৰিব নোৱাৰে৷ বিপৰীতে দলংখন ক্ষোভৰ হে কাৰণ হৈ পৰিছে৷ অঞ্চলটোৱে স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো উন্নয়নৰ মুখ দেখা নাই। বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, বাট-পথৰ উন্নয়ন আজিও হোৱা নাই।
উদালীৰ লোকসকলে বহিঃ জগতৰ সৈতে যোগাযোগ কৰা একমাত্ৰ পথ উদালী-কাকী পথটো আজিলৈ উন্নয়ন নোহোৱাৰ লগতে পথটোৰে এখন মৰণফান্দ সদৃশ দলঙেৰে আজিও আহ-যাহ কৰিব লগা হয়৷ জৰাজীৰ্ণ তথা তিনিডাল লো’ পাৰি দিয়া দলংখনৰে বিগত কেইবাবছৰ ধৰি বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে সৰ্বসাধাৰণ ৰাইজে।
হাতত জীৱটোলৈ মৰণত শৰণ দি যাতায়ত কৰি আহিছে কণ কণ ছাত্ৰ-ছাত্ৰৰী পৰা আৰম্ভ কৰি ৰোগীৰ পৰা বৃদ্ধলৈকে৷ উদালীৰ লগতে কাকী, নখুটি, ফুলতলী আদি বৃহত্তৰ অঞ্চলৰ লোকে এই পথটোৰে যাতায়ত কৰে৷ একমাত্ৰ পথটোৰ জৰাজীৰ্ণ দলঙেৰে যাতায়ত কৰি বহু লোক আঘাত প্ৰাপ্ত হোৱাৰ উপৰিও আন কেবাজনো লোক এই দলঙৰ পৰা পৰি মৃত্যু মুখতো পৰিবলগীয়া হৈছে।
উল্লেখ্য যে, দলংখন নিৰ্মাণৰ বাবে পূৰ্বৰ কংগ্ৰছ চৰকাৰৰ দিনতে ধনৰ আৱন্টন দিছিল যদিও বিষয়া-ঠিকাদাৰে দলং নিৰ্মাণৰ নামত কেৱল তিনি ডাল লো’ পাৰি দি দায়িত্ব সামৰে৷ পৰিবৰ্তনৰ শ্ল’গান আওঁৰাই শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এতিয়া দলংখন নিৰ্মাণ কৰিবনে নাই সেয়া লক্ষণীয় হ’ব৷