
ধনশিৰিঃ খাদ্য তথা ওখ ঠাই বিচাৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতী-মানুহৰ সংঘাত ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে৷ প্ৰতি দিনে হাতী-মানুহৰ সংঘাতৰ পৰিণতিত ধন-জনৰ ক্ষতি হৈ আহিছে৷
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ নলনি, চতিয়নি, গন্ধকৰৈ, খনিকৰ আদি অঞ্চলত তথা কেইবাখনো গাঁৱত আজি এটি বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰে৷ হাতীৰ জাকটোৱে অঞ্চলসমূহৰ খেতি পথাৰ বিনষ্ট কৰাৰ লগতে এজন লোকক আক্ৰমণ কৰি আহত কৰে৷
কাৰ্বি আংলং জিলাৰ পাহাৰৰ পৰা নিশা সৰুপথাৰ অঞ্চললৈ খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকটোৱে ধনশিৰি নৈ পাৰ হৈ ধনশিৰি নৈৰ পাৰৰ কেইঘৰমান লোকৰ ঘৰত থকা সুৰাৰ পাত্ৰ ভঙাৰ লগতে সুৰা সেৱন কৰে।
সুৰা সেৱন কৰি অধিক উন্মত্ত হৈ পৰে জাকটোৰ কেবাটাও হাতী। ইয়াৰে জাকৰ পৰা ফালি অহা দুটি হাতীয়ে গোপাল সূত্ৰধৰ নামৰ লোক এজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।
আহতলোক জনক চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় লোকে বন বিভাগলৈ ৰৈ নাথাকি হাতীৰ জাকটোক ধনশিৰি নৈ পাৰ কৰি কাৰ্বি আংলং পাহাৰৰ পিনে খেদি পঠিওৱাৰ ব্যৱস্থা কৰিছে।