কলিয়াবৰঃ চোৰাং চিকাৰীৰ হাতত আছে হস্তনিৰ্মিত বন্দুক। ধৰা পৰাৰ পিছত বন্দুক উদ্ধাৰ হোৱা ঘটনাই ইয়াকে প্ৰমাণ কৰে।

অত্যাধুনিক বন্দুকৰ লগতে চোৰাং চিকাৰী তথা দুৰ্বৃত্তই হস্ত নিৰ্মিত বন্দুক ব্যৱহাৰ কৰি অহাৰ সময়তে নগাঁও জিলাৰ শালনা আৰক্ষী আৰু এছ টি এফৰ অভিযানত জালত পৰিল এগৰাকী বন্দুক নিৰ্মাতা৷

শালনা আৰক্ষী আৰু নগাঁও জিলাৰ কলিয়াবৰৰ চিকনীস্থিত এছ টি এফে যুটীয়া অভিযান চলাই হস্ত নিৰ্মিত অবৈধ মাৰণাস্ত্ৰ নিৰ্মাণ কৰা কাৰখানা উৎখাত কৰিবলৈ সক্ষম হয়৷

শালনা আৰক্ষী চকী এলেকাৰ ২ নং সোনাজুৰিত আৰক্ষী আৰু এছ টি এফে অভিযান কালত ২ নং সোনাজুৰিৰ অনন্ত দাস(৪৭) নামৰ এজন লোকক আটক কৰাৰ লগতে কাৰখানাটোৰ পৰা দুটা ৰাইফল, হাতেৰে তৈয়াৰ কৰা ১৬ ৰাউণ্ড গুলী, বন্দুক নিৰ্মাণৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে৷

দীৰ্ঘদিন ধৰি বন্দুক নিৰ্মাণ কৰি ব্যৱসায় কৰি অহা কাৰখানাটো উৎখাত কৰাৰ লগতে কাৰখানাটোৰ সৈতে জড়িত আন কেইবাজনো লোকক বিচাৰি অভিযান অব‍্যাহত ৰাখিছে আৰক্ষী আৰু এছ টি এফে৷