গোগামুখঃ ধেমাজি জিলাৰ এগৰাকী মৌজাদাৰে টকা নিদিলে নকৰে কাম৷ মৌজাদাৰ গৰাকীয়ে টকা সুধিবলৈ ভয়-ভিত নকৰে৷ কৃষক, ব্যৱসায়ী, ছাত্ৰ নেতা কোনোৱে টকা নিদিয়াকৈ কাম আদায় কৰিব নোৱাৰে মৌজাদাৰগৰাকীৰ পৰা৷

জিলাখনৰ বৰদলনি মৌজাৰ মৌজাদাৰৰ বিৰুদ্ধে এই অভিযোগ এতিয়া সৰ্বত্ৰে৷ পইছা বিচৰা সন্দৰ্ভত জানিবলৈ গৈ আজি মৌজাদাৰগৰাকীয়ে সাংবাদিকৰ লগতে ছাত্ৰ নেতাক অপদস্থ কৰা ঘটনাই অঞ্চটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যিটো সময়ত বিজেপি চৰকাৰে সমগ্ৰ দেশখনৰ লগতে অসমতো দূৰ্নীতিৰ নিৰ্মূলৰ হকে বিভিন্ন পদক্ষেপ লৈছে সেই সময়তে ধেমাজী জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ বৰদলনি মৌজাৰ মৌজাদাৰে এখন সাধাৰণ প্ৰমাণ পত্ৰ দিয়াৰ নামত এটি ছাত্ৰ সংগঠনৰ নেতাৰ পৰা ৫০০ টকা বিচাৰিছিল৷

যোৱা ১৪ জুলাইত মৌজাদাৰগৰাকীৰ পৰা প্ৰমাণ পত্ৰ খন আনিবলৈ গৈ ৫০০ টকা বিছৰাত ঘূৰি আহিছিল ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ নেতাগৰাকীয়ে৷ আজি সংগঠনটোৰ এটি প্ৰতিনিধি দল সাংবাদিকক লগত লৈ মৌজাদাৰ গৰাকীৰ কাৰ্যালয়ত উপস্থিত হৈ ৫০০ টকা কিয় লাগে জানিব বিচাৰে৷

প্ৰতিনিধি দলটোৰ সৈতে যোৱা গোগামুখৰ নিউজ নেক্সট ওৱানৰ প্ৰতিনিধি গৰাকীক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে মৌজাদাৰগৰাকীয়ে৷ পইছা বিচৰা সন্দৰ্ভত বহুবাৰ প্ৰশ্ন কৰাৰ পাছতো একো উত্তৰ নিদিলে দলটোক।

জানিব পৰা মতে, ৰাকেশ মোহন দলে’ মৌজাটোৰ মৌজাদাৰ যদিও তেওঁৰ পিতৃ চন্দ্ৰ দলেয়েহে কাম কাজ চলাই কাৰ্যালয়টোৰ৷ এই ঘটনাক চুতীয়া ছাত্ৰ সন্থাৰ লগতে ধেমাজি জিলাৰ কেইবাটাও দল-সংগঠনে গৰিহণা দি মৌজাদাৰ গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷