প্ৰতিকী ফটো
প্ৰতিকী ফটো

গুৱাহাটীঃ চৰকাৰী নীতি-নিয়মক ভৰিৰে মোহাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দলৰে এগৰাকী বিধায়কৰ আত্মীয়ই ৰাজ্যৰ কেইবাখনো পাহাৰৰ শিলৰ কুৱেৰী নিজৰ দখললৈ নিয়া বুলিও ব্যাপক চৰ্চা চলি থকাৰ মাজতে নগাঁও জিলাত সেউজীয়া পাহাৰ খনন কৰাৰ নতুন খবৰ পোহৰলৈ আহিছে৷

বিধায়কৰ আত্মীয়ই সুদীৰ্ঘ সময় শিলৰ কুৱেৰী নিজৰ দখললৈ নিয়াৰ লগতে শিলৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি দাম বঢ়োৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে ৰাজ্যত আজিও পাহাৰ ব্যাপক হাৰত ধ্বংস কৰি আহিছে সেউজীয়া পাহাৰ৷

ৰাজ্যৰ সেইজীয়া পাহাৰসমূহ ৰক্ষা কৰিবলৈ চৰকাৰ তথা বন বিভাগে নানা কৌশল অৱলম্বন কৰি আহিছে যদিও নগাঁও-কুঠৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ০৭ কিঃ মিঃ দূৰৰ ৰংমংৱেৰত প্ৰতিদিনে চলিছে সেউজীয়া পাহাৰ খনন৷

গোপনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-কাজিৰঙাৰ মাজৰ কুঠৰীৰ পৰা নিতৌ সৰবৰাহ হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তলে শিল। ৰাজনৈতিক দলৰ আশীৰ্বাদত চলাই গৈছে একাংশ প্ৰভাৱ শালি লোকে৷ কাৰ্বি পাহাৰৰ পৰা কলিয়াবৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে দৈনিক ২০ খনৰো অধিক ডাম্পাৰে সৰবৰাহ কৰে পাহাৰৰ শিল। ভুৱা চালানৰ লগতে ম্যাদ উকলা একেখন চালানকেই ব্যৱহাৰ হয় কৰে শিল কঢ়িওৱা ডাম্পাৰসমূহে। বন মাফিয়াৰ ওচৰত যেন অসহায় বন বিভাগ, আৰক্ষী প্ৰসাশন।

বন সুৰক্ষাৰ বিভিন্ন শ্ল’গান দিয়া পৰিৱৰ্তনকামী চৰকাৰখনে অৰণ্যৰ সৌন্দয্য তথা বনজ সম্পদ ধ্বংস কৰা চক্ৰটোৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে। নে বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে গোপন বুজাবুজিৰে কাৰ্বি পাহাৰৰ বুকুত অব্যাহত থাকিব ৰাজনৈতিক আশীৰ্বাদ পুষ্ট এচাম বন মাফিয়াৰ দৌৰাত্ম্য।