
লংকাঃ হাৰিয়ানাৰ এখন চুৰি ট্ৰাক আজি লংকাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যত বৰ্তমানেও যে আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে সেয়া স্পষ্ট কৰি তুলিছে এই ঘটনাই।
বহিঃ ৰাজ্যৰ পৰা চুৰি কৰি অনা ট্ৰাকখনৰ সৈতে দুই দুধৰ্ষ চোৰকো আজি লংকা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, যোৱা ১৪ জুলাইত হাৰিয়ানৰ পৰা শ্বেকুল খান নামৰ লোকজনৰ এখন ১২চকীয়া মালবাহী ট্ৰাক চুৰি হৈছিল ৷ ট্ৰাক খনৰ গৰাকী শ্বেকুল খানে ট্ৰাক খনৰ সন্ধানত আহি লংকাত উপস্থিত হয়৷
লংকাৰ ইছলা বস্তিত ট্ৰাকৰ মালিকজনে তেওঁৰ ট্ৰাকৰ ওপৰত লিখি ৰখা ফোন নম্বৰৰ ভিত্তিত ট্ৰাকখন চিনাক্ত কৰে যদিও ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ মিলা নাছিল৷
লগে লগে লোকজনে লংকা থানাত উপস্থিত হৈ চুৰি ঘটনাৰ সন্দৰ্ভত লংকা আৰক্ষীক অৱগত কৰে৷ পিছত লংকা আৰক্ষীৰ এটি দল ইছলামবস্তিত উপস্থিত হৈ পথৰ কাষত ৰখাই থোৱা ট্ৰাক খন জব্দ কৰে।
ট্ৰাকখন চুৰি কৰি অনা দুই চোৰ ক্ৰমে নেয়াজ মহম্মদ আৰু মহম্মদ আৰিফকো আটক কৰে আৰক্ষীয়ে।হাৰিয়ানাৰ পৰা চুৰি কৰি অনা ট্ৰাকখনত হাৰিয়ানাৰ নম্বৰৰ পৰিবৰ্তে অসমৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰিছিল।