চৰাইদেউঃ অহা ২০ আৰু ২১ জুলাইত অসম জাতীয়তাবাদী যুৱ পৰিষদে উজনি অসম বন্ধ ঘোষণা কৰা নাই৷ আজি এক বিবৃতি যোগে এই কথা স্পষ্ট কৰে সংগঠনটোৱে৷ অসম জাতীয়তাবাদী যুৱ-পৰিষদে অহা ২০ আৰু ২১ জুলাইত কোনো কাৰণতে উজনি অসম বন্ধ ঘোষণা কৰা নাই বুলি স্পষ্ট কৰে।

উজনি অসমৰ ৰাইজক বিভ্ৰান্ত নহবৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদে আহ্বান জনায় বিবৃতি যোগে। উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ পৰিষদে অসাংবিধানিক কাৰ্য্যকলাপত জড়িত থকাৰ বাবে সন্দীপ প্ৰসাদ নেওঁগক ইতিমধ্যে বহিস্কাৰ কৰা বুলিও স্পষ্ট কৰে৷ সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নাম লৈ নিজকে নেতা ৰূপে পৰিচয় দি অহা ব্যক্তিৰ কাৰ্য্যকলাপত ৰাইজক বিভ্ৰান্ত ন’হবৰ বাবে জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি সুৰুজ হাতীমুৰীয়াই এক বিবৃতিৰ দ্বাৰা আহ্বান জনায়।