গৌৰীসাগৰঃ সকলো সম্পৰ্কৰ মাতৃ সদৃশ স্বামী-স্ত্ৰীৰ সম্পৰ্ক। পিছে হ’লে কি হ’ব? পৃথিৱীৰ সকলোতকৈ থুনুকা সম্পৰ্কটোৱেই হৈছে এই স্বামী-স্ত্ৰীৰ সম্পৰ্ক। কোন মুহূৰ্তত কেতিয়া এই সম্পৰ্ক গঢ় লৈ উঠে আৰু কেনেকৈ বিচ্ছেদ হয় সেয়া তলকিবই নোৱাৰি।

কেৱল সেয়াইনে? কোনো কোনো মুহূৰ্তত এই সম্পৰ্কই এনে ভয়াৱহ ৰূপ লয় যে সেয়া কল্পনাই কৰিব নোৱাৰি। যোৱা সোমবাৰ এনে এক ঘটনাই সংঘটিত হ’ল শিৱসাগৰ জিলাৰ আমগুৰিৰ ৰাজপথত। 

দিন-দুপৰত সকলো মানুহ নিজ নিজ কামক লৈ ব্যস্ত হৈ থকাৰ মাজতে হঠাৎ ৰাজপথত শুনিবলৈ পোৱা গ’ল তৰ্কা-তৰ্কি। ক্ষন্তেক পিছতে সেই তৰ্কা-তৰ্কিয়ে টনা-আজোৰাৰ ৰূপ ল’লে। কামৰ ব্যস্ততাৰ মাজতো সেই দৃশ্য প্ৰত্যক্ষ কৰি ৰৈ যাবলৈ বাধ্য হ’ল বহু লোক।

দৃশ্য দেখি হতবাক সকলো। হতবাক নহ’বই বা কিয়? ৰাজপথত এজন পুৰুষে সকলোৰে সমুখতে দিন দুপৰতে এগৰাকী মহিলাক অশ্লীল গালি-গালাজ কৰি প্ৰহাৰ কৰিছে। সীমা চেৰাই পুৰুষজনে মহিলাগৰাকীৰ কাপোৰ খুলি দিবলৈকো চেষ্টা চলায়। ফলত দুয়োৰে মাজত টনা-আজোৰা লাগে।

জানিব পৰা মতে, মহিলাগৰাকী সেই সময়ত বেংকলৈ আহি আছিল। তেনেতে পুৰুষজনে গালি-গালাজ কৰি মহিলাগৰাকীক বলপূৰ্বক বাইকত উঠাবলৈ চেষ্টা কৰে। মহিলাগৰাকী বাইকত উঠিবলৈ অমান্তি হোৱাত পুৰুষজনে বাইক ৰখাই প্ৰহাৰ কৰে। পুৰুষজনৰ প্ৰহাৰত মহিলাগৰাকীয়ে বচাওক বচাওক বুলি চিঞৰিবলৈ ধৰে। কিন্তু মহিলাগৰাকীক বচাবলৈ কোনো এজন লোক আগবাঢ়ি নাহিল।

উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে দৌৰি গৈ কাষতে কোনো লোকে ৰাখি থোৱা মোনা এখনত কৰত প্ৰত্যক্ষ কৰি সেয়া উঠাই লৈ পুৰুষজনৰ কপালত মাৰি দিয়ে। লগে লগে তেজেৰে লুতুৰি-পুতুৰি হৈ পৰে পুৰুষজনৰ কপাল। ইমানতো ক্ষান্ত নহৈ পুনৰ পুৰুষজনে মহিলাগৰাকীক মুখত প্ৰচণ্ড ঘোচা শোধায় আৰু ৰাজপথতে টানি-আজুৰি কাপোৰ খুলি দিবলৈ উদ্যত হয়।

পুৰুষজনৰ এনে অত্যাচাৰী ৰূপ দেখি এজন এজনকৈ কেবাজনো লোক আগবাঢ়ি আহে। সৰহকৈ মানুহ আগবাঢ়ি অহা দেখি মহিলাগৰাকীক আক্ৰমণ কৰিবলৈ এৰি পুৰুষজনে সেই ঠাইৰ পৰা বাইক ষ্টাৰ্ট দি ততালিকে পলায়ন কৰে।

পিছত ৰাজপথত নিৰ্যাতিতা মহিলাগৰাকীৰ পৰা সকলোৱে জানিব পাৰে যে পুৰুষজন আন কোনো নহয়। তেওঁ হৈছে মহিলাগৰাকীৰ প্ৰাক্তন স্বামী। বিয়াৰ পিছৰে পৰা বিভিন্ন কথাক লৈ মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলাই গৈছিল অত্যাচাৰী পুৰুষজনে। যৌতুক হিচাপে দাবী কৰিছিল ১০ লাখ টকা। কিন্তু সেয়া দিব নোৱৰাত শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি বিবাহ-বিচ্ছেদৰ যো-জা চলাই মকৰ ঘৰলৈ গুচি গৈছিল মহিলাগৰাকী।

তৎসত্বেও পিছ এৰি দিয়া নাছিল অত্যাচাৰী স্বামীয়ে। মাকৰ ঘৰলৈ গুচি অহাৰ পিছত ফেচবুক আৰু হোৱাটছএপযোগে আৰম্ভ কৰিছিল আন এক নিৰ্যাতন। অৱশেষত আজি এনেদৰে ৰাজপথতে নিৰ্যাতন চলাই সকলোৰে সমুখতে টানি-আজুৰি এসময়ৰ পত্নীৰ কাপোৰ খুলি দিবলৈ উদ্যত হয় উদণ্ড লোকজনে। এই ঘটনাই সমগ্ৰ আমগুৰিৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।