
লংকাঃ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভূক্ত হ’ল প্ৰকৃতিক ভাল পোৱা হোজাই জিলাৰ লংকাৰ উদালিৰ ড০ ৰমহত আলী লষ্কৰৰ নাম। একাংশ কু-মনোবৃত্তিৰ লোকে প্ৰকৃতিৰ নিধনযজ্ঞ চলাই অহাৰ সময়তে ড০ ৰমহত আলীয়ে প্ৰকৃতিক ভাল পাবলৈ সকলোকে পাঠ আগবঢ়াই আহিছে৷
প্ৰযুক্তিবিদ্যাৰ যিমানেই উন্নতি হৈছে সিমানেই বৃদ্ধি হৈছে প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ। তাৰ মাজতে ড০ ৰহমত আলীয়ে প্ৰকৃতিৰ প্ৰেমত আত্মহাৰা হৈ জীৱনৰ এক বৰ্ণিল যাত্ৰা আৰম্ভ কৰি নিজৰ নাম গীনিজ বুকত অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হয়৷
বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু বাঁহ সংৰক্ষণৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকর্ডছত অন্তৰ্ভূক্ত হয় উদালিৰ ড০ ৰহমত আলীৰ নাম। এইদৰে সমগ্ৰ ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনে হোজাই জিলাৰ উদালিৰ যুৱক ৰহমত আলীয়ে।
লুপ্তপ্ৰায় প্ৰজাতিৰ ১১৬৪ বিধ অৰ্কিড আৰু ২৬০ত কৈও অধিক বাঁহ সংৰক্ষিত কৰাৰ স্বীকৃতি স্বৰূপে ৰহমত আলীৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকর্ডছত অন্তৰ্ভূক্ত হয়।
উল্লেখ্য যে চিমেণ্ট ফেক্টৰীত দিন হাজিৰা কৰা অল্প শিক্ষিত ৰহমত আলীক ২০১৬ চনত ফ্ৰাঞ্চৰ এখন বিশ্ববিদ্যালয়ে অৰ্কিড সংৰক্ষণৰ বাবেই ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল।
এই সাফল্যৰ পিছতে গীনিজ বুকত নাম অন্তৰ্ভূক্ত হোৱাত উৎফুল্লিত হৈ পৰা ৰহমত আলীয়ে এই সন্মান অসমবাসীক উচৰ্গা কৰি ৰাজ্যখনৰ যুৱ-প্ৰজন্মক এন্ধাৰৰ মাজতো পোহৰৰ সপোন দেখিবলৈ আহ্বান জনায়।