চাবুৱাঃ বিগত ২০ বছৰে লাহোৱাল বিধানসভা সমষ্ঠিৰ অন্তগত হেজেল বেংকৰ পৰা থানাইলৈ অহা যোৱা কৰা অতি জৰাজীৰ্ণ একমাত্ৰ গড়কাপ্তানি পথছোৱা মেৰামতি কৰাৰ দাবীত ৭ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰহমৰীয়াবাসী ৰাইজে নাদুৱা চাইডিংস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।   

প্ৰতিবাদস্থলীত চাবুৱা ৰাজহ চক্ৰ বিষয়া দীপক ভূঞাৰ লগতে গড়কাপ্তানি বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্ত্ৰা ৰাজীৱ লাহন উপস্থিত হৈ প্ৰতিবাদকাৰী সকলৰ লগত আলোচনা কৰি ১০ দিনৰ ভিতৰত পথটোত সৃস্থি হোৱা পুখুৰীসদৃশ গাঁতসমূহ পুতি ৰাইজক অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়াৰ লগতে বাৰিষাৰ পিছৰ পৰাই পকীকৰণৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। 

কিন্তু আজি ১০ দিন অতিক্ৰম কৰাৰ পিছতো পথটোত এটাও শিল নপৰাত সংগঠনটোৰ লগতে ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লগতে পথটোৰ কাষতে থকা এখন ফিল্ডত মাত্ৰ তিনি গাড়ী শিল পেলাই কণা হাঁহক পতান দিয়াৰ লেখীয়া কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। 

লগতে ৰাইজে প্ৰশাসনক ২৪ ঘন্টাৰ ভিতৰত পথটোৰ নিৰ্মাণৰ কাম বিভাগীয় বিষয়াসকলে লিখিত প্ৰতিশ্ৰুতি দিয়া মতে আৰম্ভ নকৰিলে জংগী আন্দোলন কৰাৰ কথা ঘোষণা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতৰ লগতে স্থানীয় ৰাইজে। 

এই আন্দোলনৰ ফলত হ’বলগীয়া যিকোনো পৰিস্থিতিৰ বাবে প্ৰশাসন জগৰীয়া হব বুলিও স্পষ্ট কৰি দিছে সংগঠনটোৱে। ইপিনে স্থানীয় ৰাইজে  স্থানীয় সংবাদদাতা এজনক ৰাইজৰ বিৰুদ্ধে ভুল বাতৰি প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰি সাংবাদিক জনক অনাগত দিনত ৰাইজৰ পক্ষত থাকি সচাঁ বাতৰি প্ৰকাশ কৰিবলৈ আহ্বান জনায় ছাত্ৰ মুক্তিয়ে।