
তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ খাটাংপানী ৰেঞ্জৰ অধীনস্থ তৰাণি সংৰক্ষিত বনাঞ্চলত বুধবাৰৰ পুৱতি নিশাৰে পৰা প্ৰায় ডেৰ সহস্ৰাধিক লোকে হাতত দা, কুঠাৰ লৈ থিতাপি ল'বলৈ যো-জা চলোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজত অৱস্থিত লাইকা-দধিয়া নামৰ গাওঁদুখনৰ প্ৰায় ১২০০টা পৰিয়ালৰ বৃহৎসংখ্যক লোকে পুৱতি নিশাতে ১২খন বাছেৰে আহি তৰাণি বনাঞ্চলৰ ভিতৰৰ প্ৰায় ডেৰ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা দখল কৰি থিতাপি ল'বলৈ যো-জা চলাইছিল ৷
এই ঘটনা চৌদিশে ৰাষ্ট্ৰ হৈ পৰাত স্থানীয় ৰাইজে বাধা প্ৰদান কৰাত দখলদাৰী বাহিনী যুদ্ধংদেহি হৈ পৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। আক্ৰমণ-প্ৰত্যাক্ৰমণত দুয়োপক্ষৰ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷
দখলদাৰী লোকসকলৰ ভাষ্য অনুসৰি বৰ্তমান লাইকা-দধিয়া অঞ্চলত বানে প্ৰৱল ৰূপ ধাৰণ কৰাত বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ নিৰ্দেশানুসৰি তেওঁলোকে উক্ত অঞ্চলটোত সহাৱস্থান কৰিছেহি বুলি জানিবলৈ দিয়ে। পিছত এই সন্দৰ্ভত বনমন্ত্ৰীৰ পৰা তেনে কোনো নিৰ্দেশনা বিভাগে লাভ কৰা নাই বুলি বন সংমণ্ডল বিষয়াই সাংবাদিকক জানিবলৈ দিয়ে ৷
ঘটনাই বিষম ৰূপ লোৱাৰ খবৰ লাভ কৰি জিলা প্ৰশাসনৰ লগতে বনবিষয়া এটি দল উক্ত স্থানত উপস্থিত হয়।প্ৰশাসন আৰু বন বিভাগে সকলো অবৈধ বেদখলকাৰীক বনাঞ্চলৰ পৰা বাহিৰলৈ উলিয়াই অানি নিকটৱৰ্তী বিদ্যালয় এখনত শান্তি আলোচনাৰ বাবে মিলিত হয়। কিন্তু শান্তি আলোচনাত দুয়োপক্ষই আঁকোৰগোজ মনোভাৱ গ্ৰহণ কৰাত পৰিস্থিতি পুনৰ বিষম হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷