
গুৱাহাটীঃ বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰাই সৰৱ হৈছে অসমৰ ৰাইজ৷ চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ দল-সংগঠন সৰৱ হৈ উঠিছে৷
আজি সচেতন নাগৰিক মঞ্চই এখন সংবাদ মেল আয়োজন কৰি বিজেপি চৰকাৰক ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন দিব দিয়া নহব বুলি পুনৰ সকীয়াই দিয়ে। অাজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল যোগে ড০ হীৰেন গোহাই, ড০ দীনেশ বৈশ্য, উদয়াদিত্য ভৰালী, সাংবাদিক মনজিৎ মহন্ত, হাইদৰ হুছেইনে কেৱল গাদী দখলৰ স্বাৰ্থত চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপনৰ ষড়যন্ত্ৰ কৰা বুলি কৈ এই ষড়যন্ত্ৰ যিকোনো মূল্যৰ বিনিময়ত সৰ্বশক্তিৰে বন্ধ কৰা হব বুলি হুংকাৰ দিয়ে।
এন আৰ চি প্ৰসংগত চৰকাৰ কোনো সদিচ্ছা নাই বুলি কৈ সচেতন নাগৰিক সকলে কেৱল এন আৰ চি প্ৰসংগ চৰকাৰৰৰ লাভালাভৰ বাবেহে জীয়াই ৰাখিছে বুলি কয়। চুবুৰীয়া ৰাষ্ট্ৰ বাাংলাদেশ চৰকাৰৰ লগত ভাৰত চৰকাৰৰ অাজি পৰ্য্যন্ত কোনো অালোচনা হোৱাই নাই বুলি অভািযোগ উত্থাপন কৰিছে সচেতন নাগৰিক মঞ্চই। অসমত কোনো কাৰণতে হিন্দু বাংদেশীক ৰক্ষণাবেক্ষন দিয়া নহব বুলি গৰজি উঠে সচেতন নাগৰিক মঞ্চ।
শাসনলৈ অহাৰ লগে লগে কেৱল মাত্ৰ ৰাইজক চমক দেখুৱাবলৈ মূখ্যমন্ত্ৰীয়ে কোৱা প্ৰতিটো কথাই এতিয়া মিথ্যাচাৰত পৰিনত হৈছে। ৰাইজৰ সমস্যাক বুঢ়া অাঙুলি দেখুৱাই মূখ্যমন্ত্ৰী এতিয়া ৬৬ লাখ টকীয়া ফৰচুনাৰ বিলাসিতাত ব্যস্ত৷ চৰকাৰ ৰাইজৰ প্ৰতি কৰা চৰম অৱহেলাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে সচেতন নাগৰিক মঞ্চ। ২০১৬ চনৰ ২,৩ নৱেম্বৰৰ প্ৰস্তাৱিত ৰাজহুৱা শুনানি স্থগিত ৰখা প্ৰক্ৰিয়া চৰকাৰৰ অভিসন্ধী বুলি কয় ডঃ হীৰেন গোহাইয়ে।