গৰৈমাৰীঃ এজন সাধাৰণ যুৱকে কপাইছে দক্ষিণ কামৰূপ৷ সাধাৰণ পৰিয়ালৰ যুৱকজনে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে তথ্য উলিয়াই হুৱা-দুৱা লগাইছে দক্ষিণ কামৰূপৰ ৰাজনীতিত৷ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী উন্নয়ন খণ্ডত সংঘটিত দুৰ্নীতি সন্দৰ্ভত যুৱকজনে বিধায়ক, জিলা উপায়ুক্ত আৰু উন্নয়ন আয়ুক্তৰ বিৰুদ্ধে গোচৰ কৰি জেহাদ ঘোষণা কৰে৷

ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ২০১২-১৩ আৰু ২০১৫-১৬ বৰ্ষৰ বিধায়ক পুজিৰ ধন অপব্যৱহাৰ কৰি ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি সমাজকৰ্মী তথা অগপ কৰ্মী চৈতন্য মেধিয়ে কামৰূপ জিলাৰ উপায়ুক্ত বিনোদ ছেছান, জিলা উন্নয়ন আয়ুক্ত ইস্তাৰ কাটাৰৰ লগতে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত কিছুদিন পুৰ্বে গোচৰ ৰুজু কৰিছিল।

চৈতন্য মেধিয়ে আৰ টি আই যোগে তথ্য উলিয়াই গোচৰ ৰুজু কৰাত দক্ষিণ কামৰূপত চাঞ্চল্যৰ সৃষ্টি হয়৷ গোচৰ ৰুজু কৰাৰ পাছতে  জিলা উপায়ুক্তৰ কাৰ্যালয়ে সংবাদ মাধ্যমৰ জৰিয়তে গৰৈমাৰী উন্নয়ন খণ্ডত বিধায়ক পুঁজিৰ ধনৰ কোনো অপ-ব্যৱহাৰ হোৱা নাই বুলি স্পষ্ট কৰে। তাৰ পাছতো অগপ কৰ্মী তথা অভিযোগকাৰী চৈতন্য মেধিয়ে বিধায়ক পুজিৰ ২০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে বুলি দাবী কৰে৷

যুৱকজনে ২০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱা বুলি দাবী কৰে যদিও উপায়ুক্তৰ কাৰ্যালয়ে ৪ কোটি আশী লাখ দুইশ টকাহে মোকলাই দিয়া বুলি স্পষ্ট কৰে। আৰ টি আই কৰ্মীগৰাকীৰ দাবী উদ্দেশ্য প্ৰণোদিত বুলিও উপায়ুক্তৰ কাৰ্যালয়ে দাবী কৰে। ইয়াৰ মাজতে বুধবাৰে কামৰূপ জিলাৰ উপায়ুক্তই বিধায়ক পুঁজি ৰূপায়ণ সন্দৰ্ভত চৰজমিন তদন্ত চলোৱাৰ নিৰ্দেশ দিয়ে।

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিধায়ক পুঁজিৰ ধন আচলতে অপব্যৱহাৰ হৈছে নে সঠিক ভাবে ৰূপায়ণ হৈছে সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব। ইতিমধ্যে উপায়ুক্তই গঠন কৰি দিয়া এটি দলে তদন্ত কৰিবলৈ আৰম্ভ কৰিছে। 

ছয়গাঁও সমষ্টিৰ প্ৰক্তন অগপ বিধায়ক ড০ কমলা কলিতাৰ বিৰুদ্ধে প্ৰায় এমাহ পূৰ্বে উন্নয়মৰ কামত বাধা দিয়া বুলি জিলা উন্নয়ন আয়ুক্ত ইস্তাৰ কাটাৰে এজাহাৰ দাখিল কৰিছিল৷ অগপ নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পোতক তুলিবলৈ প্ৰাক্তন বিধায়ক কমলাই নিজ দলৰে তৃণমুল কৰ্মীৰ দ্বাৰা কামৰূপ জিলাৰ উপায়ুক্ত বিনোদ ছেছান, জিলা উন্নয়ন আয়ুক্ত ইস্তাৰ কাটাৰৰ লগতে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰা বুলিও চৰ্চা আৰম্ভ হৈছে৷